এছিয়াৰ আটাইতকৈ ধনী ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ আজি বিয়া৷ ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব অনন্ত৷ সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিয়লি ৩ বজাত মুম্বাইৰ বিকেচিৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত উপস্থিত হ’ব অনন্তৰ বৰযাত্ৰী৷ প্ৰথমে পাগুৰী বন্ধাৰ ৰীতি পালন কৰা হ’ব৷ ইয়াৰপিছতেই নিশা ৮বজাত অনুষ্ঠিত হ’ব বৰমালা অনুষ্ঠান৷
নিশা ৯.৩ বজাত সাতপাকত বান্ধ খাব অনন্ত-ৰাধিকা৷ অনন্তৰ বিয়া উপলক্ষে বিভিন্ন স্থানৰ পৰা অতিথি আহিছে মুম্বাইলৈ৷ ইউনাইটেড কিংডমৰ প্ৰাক্তন পিএম বৰিছ জনছন, আন্তঃৰাষ্ট্ৰীয় মডেল কিম কাৰ্দাছিয়ান, ছেমছাঙৰ চিইঅ’ হান জং হিয়েও বিবাহৰ অতিথি হ’বলৈ মুম্বাইত উপস্থিত হৈছে৷ ইয়াৰোপৰি বৃহস্পতিবাৰে বিয়লি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু গ্লবেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই স্বামী নিক জনা’ছক লৈ উপস্থিত হৈছে মুম্বাইত৷
১৫ জুলাইৰ অভ্যৰ্থনা অনুষ্ঠানলৈ অন্যান্য সাধাৰণ ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। সাধাৰণ জনতাৰ বাবে আয়োজন কৰা হৈছে ১৫ তাৰিখৰ অভ্যৰ্থনা অনুষ্ঠান৷ ১৪ জুলাইৰ অভ্যৰ্থনা অনুষ্ঠানত চলচ্চিত্ৰ জগতৰ সৈতে জড়িত লোকসকলে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ৰিলায়েন্স আৰু জিঅ’ৰ জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি দেশৰ শীৰ্ষ ৰাজনীতিবিদসকলে ১৩ জুলাইত দিয়া অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ তিনিদিনীয়া এই বিবাহৰ সকলো অনুষ্ঠান মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ