টক্সিক পাণ্ডাৰ পৰা সাৱধান! মোবাইলৰ জৰিয়তে খালী কৰি দিব একাউণ্ট, কি এই টক্সিক পাণ্ডা
এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰোটা সকল সাৱধান হোৱাৰ সময়, কিয়নো সমগ্ৰ বিশ্বতে বিয়পি পৰিছে এটা নতুন ভাইৰাছ। ফলত তেওঁলোকৰ বেংক একাউণ্টৰ ক্ষতি হ’ব পাৰে। এই নতুন মেলৱেৰৰ নাম টক্সিক পাণ্ডা। ইয়াৰ প্ৰভাৱ গুগল ক্ৰ’ম আৰু বিভিন্ন বেংক এপত পৰিছে।
চাইবাৰ নিৰাপত্তা বিভাগৰ মতে এই টক্সিক পাণ্ডা নামৰ ভাইৰাছে ইতিমধ্যে ইউৰোপ আৰু লেটিন আমেৰিকাত নিজৰ শক্তি দেখুৱাবলৈ ধৰিছে। প্ৰকাশিত তথ্য অনুসৰি ইতিমধ্যে এই ভাৰইৰাছ তথা মেলৱেৰে ১৫০০টা ফোন ডিভাইচত প্ৰভাৱ পেলাইছে। গৱেষকসকলৰ মতে ভাইৰাছে নিজৰ কাম এনেদৰে কৰি আছে যে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো সহজ নহয়।
আধুনিক যুগৰ সকলো চাইবাৰ নিৰাপত্তাৰ কথা মনত ৰাখি ইয়াক বিকশিত কৰা হৈছে। ফলত গ্ৰাহকৰ ফোন আৰু বেংক একাউণ্টত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে।
চাইবাৰ অপৰাধীয়ে শোষণ কৰি নিজৰ কাম অতি সহজ কৰি তুলিছে। এই মেলৱেৰে চাইবাৰ হেকাৰক ফোনটো নিয়ন্ত্ৰণ কৰিবলৈ এটা অদৃশ্য ৰিম’ট দি দিয়ে। ফলত তেওঁলোকে পৃথিৱীৰ যিকোনো ঠাইৰ পৰা যিকোনো ফোনক ইচ্ছামতে চলাব পাৰে।
ইয়াৰ পৰা হাত সাৰিবলৈ উপায় হ’ল গুগলৰ প্লে ষ্ট’ৰ বা আন কোনো বিশ্বাসযোগ্য স্থানৰ বাহিৰে আন কোনো এপ ডাউনলোড নকৰিব। নিশ্চিত কৰক যে আপোনাৰ প্ৰতিটো এপ সদায় আপডেট কৰা হয়। কোনো অজ্ঞাত লিংকত ক্লিক নকৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















