অসম লাইভ২৪ঃ এজনৰ পিছত আনজন বলীউড অভিনেতাই আহি বাহৰ পাতিছে ৰাজ্যত। হেমামালিনী, কংগনা, ঋতিক ৰোশনৰ পাছত আজি তেজপুৰলৈ আহিব অনিল কাপুৰ আৰু দীপিকা পাডুকন৷
তেজপুৰত আজি পুৱাই আহি উপস্থিত হ’ল দীপিকা পাডুকনৰ ভেনিটি ভেন৷ আহি আছে অনিল কাপুৰৰ ভেনিটি ভেনো৷ মঙলবাৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত পূৰ্ণগতিত চলিব নতুন ছবি ফাইটাৰৰ শ্বুটিং৷
ইতিমধ্যে জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশনেও দুদিন ধৰি তেজপুৰ বায়ুসেনা ঘাটিতে আছে আৰু ছবিৰ শ্বুটিঙৰ বাবে আগতীয়াকৈ আহিছে৷ অৱশ্যে বায়ুসেনা ঘাটিৰ বাহিৰে আন ঠাইতো ছবিৰ শ্বুটিং হ’ব নেকি, সেই সম্পৰ্কে জানিব পৰা হোৱা নাই৷ ‘ফাইটাৰ’ ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে বলীউডৰ এইসকল তাৰকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















