• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰৰ বিশেষ অংগৰ আৰ্হিৰে নিৰ্মাণ হ’ল বিশ্বকাপ ফুটবলৰ ষ্টেডিয়াম! সমালোচনা দেখিও ষ্টেডিয়ামৰ ডিজাইন কিয় সলনি নকৰে আয়োজক দেশ কাটাৰে

শৰীৰৰ বিশেষ অংগৰ আৰ্হিৰে নিৰ্মাণ হ’ল বিশ্বকাপ ফুটবলৰ ষ্টেডিয়াম! সমালোচনা দেখিও ষ্টেডিয়ামৰ ডিজাইন কিয় সলনি নকৰে আয়োজক দেশ কাটাৰে

4 years ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

3 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

4 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

4 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

5 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

6 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

6 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

7 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

7 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

8 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

9 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

9 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শৰীৰৰ বিশেষ অংগৰ আৰ্হিৰে নিৰ্মাণ হ’ল বিশ্বকাপ ফুটবলৰ ষ্টেডিয়াম! সমালোচনা দেখিও ষ্টেডিয়ামৰ ডিজাইন কিয় সলনি নকৰে আয়োজক দেশ কাটাৰে

editor by editor
November 16, 2022
in ক্ৰীড়া, বিশ্ব
0
শৰীৰৰ বিশেষ অংগৰ আৰ্হিৰে নিৰ্মাণ হ’ল বিশ্বকাপ ফুটবলৰ ষ্টেডিয়াম! সমালোচনা দেখিও ষ্টেডিয়ামৰ ডিজাইন কিয় সলনি নকৰে আয়োজক দেশ কাটাৰে
0
SHARES
12.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এসপ্তাহো নাই মাজত। কাটাৰত সম্পূৰ্ণ হৈছে বিশ্বকাপ ফুটবলৰ প্ৰস্তুতি। কাটাৰৰ মুঠ ৮ খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল। যিখন দেশত ফুটবলৰ কোনো পৰিকাঠামোৱেই নাছিল সেইখন দেশতেই এইবাৰ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি বনোৱা হৈছে চকু চাট মৰা ষ্টেডিয়াম। কাটাৰৰ দুটা প্ৰান্তত দুখনকৈ ষ্টেডিয়ামৰ সৰ্বাধিক দূৰত্ব ৫৫ কিঃমিঃ। যাৰ ফলত কোনো দৰ্শকে এদিনতে একাধিক মেচ উপভোগ কৰিব পাৰিব। মেট্ৰ, ট্ৰাম, বাছকে ধৰি যাতায়াতৰ বাবে বহুকেইটা বিকল্প থাকিব।

আনহাতে অত্যাধুনিক এই ষ্টেডিয়ামত আছে চলাৰ পেনেল। আছে তাপমাত্ৰা কমোৱাৰ ব্যৱস্থাও। যিহেতু নৱেম্বৰৰ পৰা ডিচেম্বৰলৈ খেল অনুষ্টিত হ’ব এই সময়ছোৱাত কাটাৰত গৰমৰ পৰিমান বেছি থাকে। খেল উপভোগৰ বাবে অহা দৰ্শকে যাতে কষ্ট নাপায় তাৰবাবে এই ব্যৱস্থা কৰা বুলিও প্ৰকাশ কৰিছে আয়োজক দেশে। অত্যাধুনিক এই ষ্টেডিয়ামত সকলো সা সুবিধাই উপলব্ধ। উল্লেখনীয় কথা এয়ে যে এই ষ্টেডিয়ামখন খেল শেষ হ’লেই ভাঙি পেলোৱা হ’ব। বিশ্বকাপ শেষ হোৱাৰ পিছতেই ষ্টেডিয়ামৰ যাৱতীয় আসনসমূহ বিক্ৰি কৰি দিয়া হ’ব। কেৱল বিশ্বকাপ ফুটবলৰ বাবেহে এই ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে।

লুছাইল ষ্টেডিয়ামঃ এই বিশেষ ষ্টেডিয়ামত ফাইনেলসহ মুঠ ১০ খন খেল অনুষ্ঠিত হ’ব। ৮০ হাজাৰ দৰ্শক বহিব পৰা এই ষ্টেডিয়াম চলিত বৰ্ষতেই উদ্বোধন কৰা হৈছে। এই ষ্টেডিয়ামৰ সকলোতকৈ আচৰিত হব লগা কথা এয়ে যে বিশ্বকাপ শেষ হোৱাৰ পাছতেই এই ষ্টেডিয়াম ভাঙি পেলোৱা হ’ব। অত্যাধুনিক সা-সুবিধাসম্পন্ন হ’লেও কাটাৰৰ লুছাইল এলেকাত নতুন কোনো ষ্টেডিয়ামৰ প্ৰয়োজন নাই।

আল জানিয়ুৱ ষ্টেডিয়ামঃ এই ষ্টেডিয়ামত দৰ্শক বহিব পৰা আসন আছে ৪০ হাজাৰ। মুঠ ৭ খন খেল এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই ষ্টেডিয়ামখন পূৰ্বে আকৰা ষ্টেডিয়াম নামেৰে পৰিচিত আছিল। এই ষ্টেডিয়ামৰ ছাদখন সম্পূৰ্ণৰূপে ঢাকি দিব পৰাৰ লগতে তাপমাত্ৰা কমোৱাৰো ব্যৱস্থা আছে। সকলো পৰিস্থিতিতেই যাতে খেল অনুষ্ঠিত কৰিব পাৰি তেনেধৰণেই এই ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। আৰৱৰ এখন বিশেষ নৌকাৰ অনুকৰণেৰে নিৰ্মাণ কৰা হৈছে এই ষ্টেডিয়াম। অৱশ্যে এই ষ্টেডিয়ামৰ নক্সাই সৃষ্টি কৰিছে বিতৰ্কৰো। ব্ৰিটিছ ভাস্কৰ্য দামে জাহা হাদিদৰ নক্সা উন্মোচন কৰাৰ পিছতেই বহুতেই অভিযোগ আনিছে যে এই ষ্টেডিয়াম দেখাত মহিলাৰ এক বিশেষ অংগৰ দৰে। সমালোচনা চলিলেও আয়োজক দেশে কিন্তু ষ্টেডিয়ামৰ নক্সা সলাবলৈ কোনো কাৰণতে ৰাজী নহয়।

আল বায়াত ষ্টেডিয়ামঃ এই ষ্টেডিয়ামত দৰ্শক বহিব পৰা আসনৰ সংখ্যা ৬০ হাজাৰ। প্ৰথম মেচসহ ৮ টা মেচ এই ষ্টেডিয়ামত হ’ব। দেখাত এখন মৰুভূমিৰ দৰে এই ষ্টেডিয়ামত আৰৱৰ সুলভ দৃশ্য। এই ষ্টেডিয়ামৰো ছাদ ঢকাৰ ব্যৱস্থা আছে। কাটাৰৰ মুল কেন্দ্ৰস্থলসমূহৰ পৰা এই ষ্টেডিয়াম কিছু আঁতৰত। এই ষ্টেডিয়ামৰ কাষতেই পঞ্চতাৰকা যুক্ত হোটেলকে ধৰি থকাৰ বাবে উল্লেখনীয় সা-সুবিধা আছে।

আহমেদ বিন আলি ষ্টেডিয়ামঃ এই ষ্টেডিয়ামত দৰ্শক বহিব পৰা আসনৰ সংখ্যা ৪০ হাজাৰ। এই ষ্টেডিয়ামতো ৭খন মেচ অনুষ্ঠিত হ’ব। প্ৰথমে এই ষ্টেডিয়ামৰ নাম আছিল আল ৰায়ান ষ্টেডিয়াম। বৰ্তমান এই ষ্টেডিয়ামৰ নাম সলনি কৰি নতুন নাম ৰখা হৈছে আহমেদ বিন আলি ষ্টেডিয়াম। কাটাৰৰ সংস্কৃতিৰ পৰিচয় দাঙি ধৰাকৈ এই ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে।

এডুকেছন চিটি ষ্টেডিয়ামঃ এই ষ্টেডিয়ামত দৰ্শক বহিব পৰা আসনৰ সংখ্যা ৪০ হাজাৰ। কাটাৰ ফাউণ্ডেশ্যন এলেকাত আছে এই ষ্টেডিয়াম। বিশ্বকাপৰ পিছত কাটাৰৰ মহিলা দলৰ খেলসমূহ এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

আল থুমামা ষ্টেডিয়ামঃ এই ষ্টেডিয়ামত দৰ্শকৰ আসনৰ সংখ্যা ৪০ হাজাৰ। এই ষ্টেডিয়ামত ৮খন মেচ অনুষ্ঠিত হ’ব। এই ষ্টেডিয়ামখন গাফিয়া অৰ্থাৎ মধ্যপ্ৰাচ্যৰ মহিলাই পিন্ধা বিশেষ টুপীৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। কাটাৰৰ এজন ভাস্কৰ্য শিল্পীয়ে এই ষ্টেডিয়ামৰ নক্সা নিৰ্মাণ কৰিছে।

ষ্টেডিয়াম ৯৭৮ঃ এই ষ্টেডিয়ামত দৰ্শকৰ আসনৰ সংখ্যা ৪০ হাজাৰ। ৭খন মেচ এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ষ্টেডিয়ামৰ অদ্ভুত নামকৰণক লৈ বহুতেই প্ৰশ্ন কৰিছে। আয়োজকে জনোৱা মতে ৯৭৮ শ্বিপিং কণ্টেইনাৰেৰে এই ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। বিশ্বকাপ শেষ হ’লেই এই ষ্টেডিয়াম ভাঙি পেলোৱা হ’ব।

খলিফা আন্তৰ্জাতিক ষ্টেডিয়ামঃ এই ষ্টেডিয়ামত দৰ্শকৰ আসনৰ সংখ্যা ৪৫,৪১৬। এই ষ্টেডিয়ামত ৮খন মেচ অনুষ্ঠিত হ’ব। এইটোৱেই একমাত্ৰ ষ্টেডিয়াম য’ত কাটাৰৰ বিশ্বকাপ আয়োজন কৰাৰ পূৰ্বেই মুকলি কৰা হৈছে। ১৯৭৬ চনতেই এই ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল
বিনোদন

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

August 15, 2026
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী
ভাৰত

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

August 15, 2026
Next Post
২০০০ টকীয়া নোটবোৰ ক’লৈ গ’ল? গোপনে ৫০ পইছাৰ মুদ্ৰাটোৰ দৰে হেৰাই গ’ল নেকি ২০০০ টকীয়া নোটো?

২০০০ টকীয়া নোটবোৰ ক’লৈ গ’ল? গোপনে ৫০ পইছাৰ মুদ্ৰাটোৰ দৰে হেৰাই গ’ল নেকি ২০০০ টকীয়া নোটো?

ফিফা বিশ্বকাপ চাবলৈ আগ্ৰহী নে? এদিনতেই লাগিব ১ লাখ টকা! কি কি টিকটৰ আছে ব্যৱস্থা?

ফিফা বিশ্বকাপ চাবলৈ আগ্ৰহী নে? এদিনতেই লাগিব ১ লাখ টকা! কি কি টিকটৰ আছে ব্যৱস্থা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.