অসম লাইভ২৪ঃ আপুনি কেতিয়া দেখিছিল ২০০০ টকীয়া নোট? ATM-ত টকা উলিয়াওতে শেষবাৰৰ বাবে কেতিয়া ওলাইছিল ২০০০ টকীয়া নোট? বেংকলৈ গ’লেও ২০০০ টকীয়া নোট দিয়ে নে?
সামাজিক মাধ্যমত ২০০০ টকীয়া নোটকলৈ চলিছে চৰ্চা৷ বিমুদ্ৰাকৰণৰ অন্তত ৰিজাৰ্ভ বেংকে মুকলি কৰা ২০০০ টকীয়া নোটবোৰ হঠাতেই মানুহৰ হাতৰ পৰা হেৰাই থাকিল৷ গোপনে ৰিজাৰ্ভ বেংকে বন্ধ কৰিলে নেকি এই টকা? এদিন এনেকৈয়ে দেশত ৫০ পইছাৰ মুদ্ৰাবোৰো নোহোৱা হৈছিল৷ ৫০ পইছা মুদ্ৰা দেখিলেই বিক্ৰেতাই গ্ৰাহকক উভতাই পঠিয়াইছিল৷ এই মুদ্ৰা আৰু নচলে৷ এনেকৈয়ে এদিন কোনো জাননী নোহোৱাকৈয়ে দেশত অচল হৈ পৰিছিল ৫০ পইছাৰ মুদ্ৰা৷
গ’ল কথা গ’ল ৫০ পইছাৰ মুদ্ৰাও এতিয়া অতিত ৷ দিনকদিনে মুদ্ৰাস্ফীতি ৫০ পইছাৰ মুদ্ৰা এতিয়া মুল্যহীন৷ ২০০০ টকীয়াখন কিন্তু মূল্যহীন নহয়৷ বিমুদ্ৰাকৰণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰণি ১০০০ আৰু ৫০০ টকীয়া দুখন বন্ধ কৰি নতুনকৈ ৫০০ আৰু ২০০০ টকীয়া নোটৰ প্ৰচলন কৰিছিল৷ নতুন মুদ্ৰা প্ৰচলন কৰি প্ৰধানমন্ত্ৰীয়ে কৈছিল, দেশত এতিয়া আৰু ক’লা টকাৰ বজাৰ বন্ধ৷ কলা টকাৰ বেপাৰ দেশত আৰু নচলিব৷
কিন্তু নতুন টকা প্ৰচলন হোৱাৰ পিছত লাহে লাহে কমি আহিল ২০০০ টকীয়া নোটবোৰ৷ নাই মানে নায়েই৷ ক’তোৱেই পোৱা নাযায়৷ শেহতীয়াভাৱে ৰিজাৰ্ভ বেংকে দিয়া এক তথ্যত উল্লেখ কৰিছে যে ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা কোনো ২০০০ টকীয়া নোট চপা কৰা নাই ৰিজাৰ্ভ বেংকে৷ ২০১৭ চনত ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট চপা কৰিছিল ৫০.২ পাৰ্ছেণ্ট৷ ৩১ মাৰ্চ ২০২২ এইনোটৰ ভেল্যু কমি গৈ ১৩.৮ হ’লগৈ৷ বৰ্তমান এই নোটৰ প্ৰচলন একেবাৰেই বন্ধ হৈ পৰিছে দেশত৷ কি কাৰণত ২০০০টকীয়া নোটসমূহৰ প্ৰচনলন বন্ধ হৈছে এই সম্পৰ্কে কোনো স্পষ্ট মত এতিয়াও দাঙি ধৰা নাই চৰকাৰী পক্ষইয়ো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ