কিয় বাবা ছিদ্দিকীৰ সৈতে তেনে হ’ল, শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা
ডাউদৰ সৈতে সম্পৰ্ক, ১৯৯৩ চনৰ বোমা বিস্ফোৰণ, আদিৰ দৰে বহু কেইটা গোচৰত জড়িত থকা বাবা ছিদ্দিকীক কিয় বিষ্ণুই গেঙে হত্যা কৰিব বিচাৰিছিল, সেই সন্দৰ্ভত শ্বুটাৰে প্ৰকাশ কৰিলে বহু গোপন কথা। গোপন কথা প্ৰকাশৰ পাছতে এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে।
কুখ্যাত অপৰাধী আনমোল বিষ্ণোইয়ে জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ নেতা বাবা ছিদ্দিকৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ দিছিল। ছিদ্দিকীৰ “দাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্ক আৰু ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণত জড়িত” থকাৰ বাবেই তেনেদৰে বিষ্ণইৰ ভাতৃয়ে হত্যা কৰে বুলি উল্লেখ কৰে।
ছিদ্দিকী হত্যাকাণ্ডৰ মূল গুলীচালনাকাৰী শিৱকুমাৰ গৌতমে আৰক্ষীৰ আগত দিয়া এক বিবৃতিত এই কথা প্ৰকাশ কৰে । গৌতমৰ এই স্বীকাৰোক্তি ১২ অক্টোবৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত দাখিল কৰা অভিযোগনামাৰ অংশ।
উল্লেখ্য যে, মুম্বাইৰ বান্দ্ৰা ইষ্ট এলেকাত পুত্ৰ জীছান ছিদ্দিকিৰ কাৰ্যালয়ৰ বাহিৰত তিনিজন আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল ৬৬ বৰ্ষীয় ছিদ্দিকীক।
শ্বুটাৰ গৌতমে ইয়াকো দাবী কৰে যে তেওঁক বাবা ছিদ্দিকী বা জীছান ছিদ্দিকীক হত্যা কৰিবলৈ কোৱা হৈছিল আৰু বিনিময়ত ১৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দিছিল।
শিৱকুমাৰ গৌতমে কয়, “২০২৪ চনৰ জুন মাহত শুভম লংকৰে (শুবু) মোক আৰু ধৰমৰাজ কাশ্যপ (সহ শ্বুটাৰ)ক কৈছিল যে যদি আমি তেওঁৰ নিৰ্দেশনা অনুসৰি কাম কৰোঁ তেন্তে আমাক ১০ৰ পৰা ১৫ লাখ টকা দিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ