অসম লাইভ ২৪ঃ সমগ্ৰ দেশত কোভিডৰ দ্বিতীয় জোৱাৰে তোলপাৰ লগাই থকাৰ সময়ত অন্ধ্ৰ প্ৰদেশত পোৱা গৈছে কোভিডৰ নতুন প্ৰজাতি। অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তেলেংগনাত পোৱা গৈছে কোভিড ভাইৰাছৰ এই নতুন প্ৰজাতি। পূৰ্বতকৈ অধিক ভয়াৱহ আৰু দ্ৰুতগতিত বৃদ্ধি পাইছে এইবিধ নতুন ভাইৰাছ। ভাৰতত থকা ভাইৰাছৰ তুলনাত ১৫ গুণ অধিক সংক্ৰামক এইবিধ ‘ap strain’ ভাইৰাছ। হায়দৰাবাদস্থিত ‘কোষীয় আৰু আণৱিক বিজ্ঞান কেন্দ্ৰ’ই প্ৰকাশ কৰিছে এই কথা। ‘ap strain’ আৰু ‘N44OK’ নামেৰে নামাকৰণ কৰা হৈছে নতুন প্ৰজাতিৰ ভাইৰাছবিধক। ইয়াৰ প্ৰভাৱ মহাৰাষ্ট্ৰতো পৰিলক্ষিত হৈছে। উল্লেখ্য, দক্ষিণ ভাৰতত বৰ্তমানলৈকে ক’ৰোনাৰ ৫টা প্ৰজাতি পোৱা গৈছে। অন্ধ্ৰ প্ৰদেশৰ কুৰনূলত ভাইৰাছৰ এইবিধ নতুন প্ৰজাতিৰ উৎপত্তি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















