ডিজিটেল ডেস্কঃ ন পত্নীৰ হেচাঁত পুৰণি পত্নীক সকলোতে বিদায় দিলে আৰবাজ খানে। ছুৰা খানৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতে পুৰণি পত্নী মালাইকা আৰোৰাক টুইটাৰত আনফ’ল কৰিলে আৰবাজে। বিয়াৰ আগলৈকে দুয়ো দুয়োকে ফ’ল কৰিছিল ইনষ্টাগ্ৰামত। কিন্তু বিয়াৰ কেইদিনমানৰ পাচতে আৰবাজে ইনষ্টাগ্ৰামত আনফ’ল কৰিলে মালাইকাক। অৱশ্যে এতিয়াও মালাইকাই আনফ’ল কৰা নাই আৰবাজক।
উল্লেখ কৰা প্ৰয়োজন যে, আৰবাজৰ দুয়োগৰাকী ভাতৃ চলমান আৰু চোহেল খানে এতিয়াও ফ’ল কৰে মালাইকাক। বিবাহ বিচ্ছেদ হোৱাৰ পাছতো ডিজিটেলী সকলোকে সৈতে ভাল সম্পৰ্ক আছিল মালাইকাৰ। কিন্তু আৰবাজৰ বিয়াৰ কেইদিনমানৰ পাছতে হঠাতে মালাইকাক ডিজিটেলীও বিদায় দিলে।
সকলোৱে জানে যে, মালাইকা আৰোৰা আৰু আৰবাজ খান ১৯৯৮চনত বিবাহ পাশত আৱদ্ধ হৈছিল। কিছু বিশেষ বিষয়ত দুয়োৰে ২০১৬চনত বিবাহ বিচ্ছেদৰ ঘোষণা কৰে আৰু ২০১৭ত বৈধভাৱে দুয়ো দুয়োৰে পৰা পৃথক হয়। বিবাহ বিচ্ছেদৰ প্ৰায় ৭বছৰৰ পাছত পুনৰ বিবাহ পাশত আৱদ্ধ হল আৰবাজ খান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ