টি-২০ বিশ্বকাপ জয়ৰ কেইবাসপ্তাহো পাৰ হৈ গৈছে৷ ভাৰতীয় ক্ৰিকেটত আৰম্ভ হৈছে নতুন অধ্যায়ৰ৷ ভাৰতৰ হেড কোচ হৈছে গৌতম গম্ভীৰ৷ বিশকাপ জয় কৰি বাৰ্বাডোজত দুদিন আৱদ্ধ হৈ থকাৰ পাছত বিগত বৃহস্পতিবাৰে দেশলৈ আহিছে ভাৰতীয় দল৷ দিনজোৰা চেলিব্ৰেছন চলাৰ পাছত সেই নিশাই লণ্ডনলৈ ৰাওনা হৈছে বিৰাট কোহলি৷ আইপিএল, টি-২০ বিশ্বকাপ সকলোবোৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি এইবাৰ পৰিয়ালৰ দায়িত্ব মূৰ পাতি লৈছে বিৰাটে৷
তেওঁৰ পত্নী অনুষ্কা শৰ্মা কেইবামাহ ধৰি লণ্ডনতেই আছে৷ পত্নী আৰু দুই সন্তানৰ সৈতে সময় কটাবলৈ বিৰাট উৰা মাৰিছে লণ্ডনলৈ৷ এইসমূহৰ মাজতেই বিৰাটে লণ্ডনত নিজা ঘৰ ক্ৰয়ৰো পৰিকল্পনা কৰিছে৷ দিল্লীৰ সন্তান বিৰাট৷ অৱশ্যে বেছিভাগ সময় মুম্বাইতেই কটায় বিৰাটে৷ দিল্লী মুম্বাইত সময় কটালেও সপোনৰ ঘৰখন আলিবাগত নিৰ্মাণ কৰি আছে বিৰাটে৷
সপোনৰ ঘৰৰ সন্মুখভাল ৬২ছেকেণ্ডৰ এটি ভিডিঅ’যোগে দেখুৱাইছে বিৰাটে৷ বহুতেই দাবী কৰিছিল যে বিৰাটে ভাৰত এৰি ব্ৰিটেইনৰ নাগৰিকত্ব লৈ তাতেই সময় কটাব৷ কিন্তু এই ভিডিঅ’ দেখাৰ পাছত এটা কথা পৰিষ্কাৰ হৈ পৰিছে যে বিৰাটে আলিবাগতেই সময় কটাব৷ বিৰাটে বিশেষ ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘এই ঘৰ বনোৱাৰ অভিজ্ঞতা দুৰ্দান্ত৷ সকলো ঠিকঠাক হোৱাৰো এক সুকীয়া অনুভূতি আছে৷ মোৰ সপোনৰ ঘৰক বাস্তৱ ৰূপ দিয়া সকলো কৰ্মচাৰীকে অশেষ ধন্যবাদ৷ ভালপোৱা মানুহবোৰৰ সৈতে প্ৰতিটো মুহূৰ্ত কটোৱাৰ অপেক্ষা কৰিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















