দাঁতৰ বিষ হৈছে এক অতি কষ্টদায়ক শাৰীৰিক সমস্যা। কেতিয়াবা সামান্য বিষৰ পৰা আৰম্ভ কৰি ই তীব্ৰ ৰূপ ধাৰণ কৰিব পাৰে। দাঁতত গাঁত হোৱা, দাঁতৰ আলুৰ সংক্ৰমণ, দাঁত ভঙা, দাঁতৰ স্নায়ুত সমস্যা বা আক্কল দাঁত ওলোৱাৰ ফলত দাঁতৰ বিষ হ’ব পাৰে। বহু সময়ত নিশাৰ ভাগত দাঁতৰ বিষ বাঢ়ি যায়, যাৰ ফলত টোপনি যোৱাও কঠিন হৈ পৰে। সেয়েহে দাঁতৰ বিষ হ’লে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী।
দাঁতৰ বিষ কমাবলৈ ৫টা সহজ উপায়
নিমখ মিহলোৱা গৰম পানীৰে কুলকুলি কৰক
দাঁতৰ বিষ কমোৱাৰ এক সহজ উপায় হৈছে নিমখ মিহলোৱা কুহুমীয়া পানীৰে মুখ কুলকুলি কৰা। এগিলাচ কুহুমীয়া পানীত আধা চামুচ নিমখ মিহলাই মুখত কিছু সময় ৰাখি কুলকুলি কৰিব পাৰে।
ঠাণ্ডা পানীৰ সেক লওক
দাঁতৰ বিষৰ সৈতে যদি গাল ফুলা বা আঘাতৰ সমস্যা থাকে, তেন্তে ঠাণ্ডা সেক লোৱাটো উপকাৰী হ’ব পাৰে।
এটা পৰিষ্কাৰ কাপোৰত বৰফ মেৰিয়াই গালৰ বাহিৰৰ অংশত ১৫–২০ মিনিট ধৰি ৰাখক। প্ৰয়োজন অনুসৰি কিছু সময়ৰ ব্যৱধানত পুনৰ সেক ল’ব পাৰে। বৰফ পোনপটীয়াকৈ দাঁত বা আলুত লগাব নালাগে।
দাঁতৰ মাজত লাগি থকা খাদ্য আঁতৰাওক
কেতিয়াবা দাঁতৰ মাজত খাদ্যৰ টুকুৰা লাগি থকাৰ ফলতো বিষ অনুভৱ হয়। এনে ক্ষেত্ৰত কোমলভাৱে ফ্লছ (Dental Floss) ব্যৱহাৰ কৰি দাঁতৰ মাজৰ খাদ্য আঁতৰাব পাৰে। অৱশ্যে দাঁতৰ মাজত চোকা বস্তু, বেজী বা কাঠৰ টুকুৰা সুমুৱাব নালাগে। ইয়াৰ ফলত দাঁতৰ আলুত আঘাত লাগিব পাৰে।
লং ব্যৱহাৰ কৰিব পাৰেনে?
লঙত ইউজেনল (Eugenol) নামৰ এবিধ উপাদান থাকে, যাৰ সাময়িক বিষনাশক গুণ আছে। কিন্তু লঙৰ তেল পোনপটীয়াকৈ দাঁত বা আলুত লগালে জ্বলা-পোৰা আৰু ক্ষতি হ’ব পাৰে। সেয়েহে দাঁতৰ বিষৰ বাবে লঙৰ তেল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। বিশেষকৈ শিশুৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ নকৰিব।
অতি গৰম বা ঠাণ্ডা খাদ্য পৰিহাৰ কৰক
দাঁতৰ বিষ হৈ থাকিলে অতি গৰম, অতি ঠাণ্ডা, মিঠা বা কঠিন খাদ্য খোৱাৰ ফলত বিষ বৃদ্ধি পাব পাৰে। এনে সময়ত কোমল আৰু কুহুমীয়া খাদ্য খাব লাগে। বিষ হোৱা দাঁতেৰে খাদ্য চোবোৱাৰ পৰা বিৰত থাকক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















