পাকঘৰক ঘৰৰ আটাইতকৈ পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, ইয়াত মা অন্নপূৰ্ণাৰ বাস থাকে আৰু এই ঠাই ঘৰখনৰ ইতিবাচক শক্তিৰ কেন্দ্ৰ হিচাপে বিবেচিত। হিন্দু ধৰ্ম আৰু বাস্তু শাস্ত্ৰত পাকঘৰৰ বিশেষ গুৰুত্ব আছে। ইয়াত প্ৰস্তুত কৰা খাদ্য, বিশেষকৈ ৰুটি, পৰিবেশন কৰাৰ ক্ষেত্ৰতো কিছুমান নিয়মৰ কথা উল্লেখ কৰা হৈছে। বহুতে অজানিতে এনে কিছুমান ভুল কৰে, যিবোৰ বাস্তু দোষৰ কাৰণ বুলি ধৰা হয়। তেনে এটা বিশ্বাস হৈছে—খাবলৈ দিয়া ৰুটি কেতিয়াও কোনো ব্যক্তিৰ হাতত পোনপটীয়াকৈ দিব নালাগে। ইয়াৰ পৰিৱৰ্তে ৰুটিখন থালী, প্লেটত ৰাখি সন্মান সহকাৰে আগবঢ়াব লাগে।
হাতত ৰুটি দিয়াটোক কিয় অশুভ বুলি কোৱা হয়?
বাস্তু শাস্ত্ৰৰ বিশ্বাস অনুসৰি, কোনো ব্যক্তিৰ হাতত পোনে-পোনে ৰুটি দিয়াৰ ফলত ঘৰৰ সমৃদ্ধি কমি যাব পাৰে। এনে কৰিলে মা অন্নপূৰ্ণা আৰু মা লক্ষ্মী অসন্তুষ্ট হয় বুলি ধৰা হয়, যাৰ ফলত লাহে লাহে আৰ্থিক সংকট দেখা দিব পাৰে। শাস্ত্ৰত এইটোও উল্লেখ আছে যে হাতত দিয়া ৰুটি ভিক্ষাৰ দৰে গণ্য কৰা হয়। সেয়ে পৰিয়ালৰ সদস্য হওক বা অতিথি হওক, সকলোকে থালীতহে খাদ্য পৰিবেশন কৰাটো শোভনীয় আৰু শাস্ত্ৰসম্মত বুলি কোৱা হয়। এনে কৰিলে খাদ্য পৰিবেশনৰ পূণ্যও লাভ হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও, বাস্তুমতে হাতত ৰুটি দিয়াৰ ফলত ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে আৰু দিয়া-লোৱা দুয়োপক্ষৰ মাজত মতভেদ, মনোমালিন্য, অকাৰণে কলহ-ক্লেশ আৰু মানসিক অশান্তিৰ সৃষ্টি হ’ব পাৰে বুলি ধৰা হয়।
ৰুটি পৰিবেশন কৰাৰ সঠিক পদ্ধতি
ৰুটি সদায় থালী, প্লেটত ৰাখি পৰিবেশন কৰিব লাগে। খাদ্য সদায় বহি আৰু সন্মান সহকাৰে আগবঢ়াব লাগে। বাস্তু বিশ্বাস অনুসৰি, একেখন থালীত একেলগে তিনিখন ৰুটি ৰখাটো এৰাই চলিব লাগে, কিয়নো তিনিটা সংখ্যাক অশুভ বুলি গণ্য কৰা হয়।
মন কৰিবলগীয়া কথা: ওপৰৰ কথাবোৰ বাস্তু শাস্ত্ৰ আৰু প্ৰচলিত ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। এইবোৰৰ বৈজ্ঞানিক প্ৰমাণ নিশ্চিতভাৱে প্ৰতিষ্ঠিত হোৱা নাই, সেয়ে ইয়াক বিশ্বাস আৰু পৰম্পৰাৰ দৃষ্টিকোণৰ পৰা বুজিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















