প্ৰেম জীৱনৰ চালিকা শক্তি। মানুহক সুন্দৰ জীৱন প্ৰদান কৰে প্ৰেমৰ অনুভূতিয়েই। যেতিয়া দুজন মানুহে এজনে আনজনৰ সৈতে প্ৰেমৰ বন্ধনত আৱদ্ধ হয় তেতিয়াই জীৱন যেন কোনোবাখিনিত আৰু সুন্দৰ হৈ উঠে। কিন্তু এই ভালপোৱা সকলোৰে কঁপালত নাথাকে। বেছিভাগ সময়তেই বহুলোক ভালপোৱাৰ নামত কেৱল প্ৰতাৰণাৰেই বলি হৈ থাকে। বহুতৰে ক্ষেত্ৰত আকৌ বয়সৰ সৈতে ভালপোৱাৰ গভীৰতাও লাহে লাহে কমি আহে। স্বামী-স্ত্ৰীৰ সম্পৰ্কত কেতিয়াবা প্ৰেমতকৈ অভ্যাসহে হৈ পৰে, যাৰফলত কাষত থাকিও অকলশৰীয়া সত্বা হৈ পৰে।
জ্যোতিষশাস্ত্ৰমতে কেইটামান ৰাশিৰ জাতকৰ বয়সৰ সৈতে প্ৰেমভাৱো বাঢ়ি যায়। সংগীৰ প্ৰতি অধিক প্ৰেম মনত পুঁহিবলৈ আৰম্ভ কৰে। কোন কোন ৰাশিৰ জাতকৰ প্ৰেম বয়সৰ সৈতে অধিক মজবুত হয়? জানি থওক সবিশেষে।
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙ্গল। জীৱনসংগীৰ প্ৰতি এওঁলোকৰ মনত সকলোসময়তে শ্ৰদ্ধা আৰু ভালপোৱা বৰ্তি থাকে। বয়স যিমানেই বাঢ়ে সিমানেই সংগীৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠে। বৃদ্ধ সময়তো সংগীক নানান চাৰপ্ৰাইজ দিবলৈ আৰম্ভ কৰে এই ৰাশিৰ জাতকে। ভবিষ্যত্ জীবনত একেলগে খোজ দিয়াৰ পৰিকল্পনা আৰম্ভ কৰে। জীৱনসংগীক জীৱনৰ অবিচ্ছেদ্য় অংগ হিচাপে লয় মেষ ৰাশিৰ জাতকে।
মকৰ ৰাশি
মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। যাক ভালপায় তেওঁৰ সৈতে গোটেই জীৱন কটোৱাৰ পৰিকল্পনা ৰাখে মকৰ ৰাশিৰ ডাতকে। এওঁলোতকে সংগীৰ সকলো সমস্যা, সুখ, দুখ নিজৰ সৈতে সামৰি লয়। দিনে দিনে সংগীৰ প্ৰতি প্ৰেম বাঢ়ে এই ৰাশিৰ জাতকৰ। সংগীৰ জীৱনৰ উন্নতিৰ বাবেও সামৰ্থ অনুসৰি সকলোবোৰেই কৰে এই ৰাশিৰ জাতকে। বৃদ্ধ বয়সতো সংগীৰ প্ৰতি প্ৰেমভাৱ অটুত থাকে এওঁলোকৰ।
কুম্ভ ৰাশি
কুম্ভৰ অধিপতি গ্ৰহ হৈছে শনি। এওঁলোকৰ জীৱনত প্ৰেম ভালপোৱাৰ বিশেষ গুৰুত্ব থাকে। এওঁলোকে এবাৰ যাৰ প্ৰেমত পৰে তেওঁক প্ৰাণ ঢালি ভালপায়। সংগীৰ হাতত ধৰি সকলো কামতেই আগবাঢ়ে। সংগীৰ প্ৰতি ভালপোৱা, সহমৰ্মিতা সমগ্ৰ জীৱন প্ৰকাশ কৰি থাকে এই ৰাশিৰ জাতকে। জীৱনৰ বাৰ্ধক্যৰ কালছোৱা সংগীৰ সৈতে কটোৱাত আগ্ৰহী এই ৰাশিৰ জাতক।
মীন ৰাশি
এবাৰ যাৰ হাতত ধৰে সেই হাত কাহানিও এৰি নিদিয়ে মীন ৰাশিৰ জাতকে। সংগীৰ প্ৰতি শাৰীৰিক আৰু মানসিক আকৰ্ষণ থাকে এই ৰাশিৰ জাতকৰ। জীৱনসংগীৰ প্ৰাণঢালি ভালপায় এই ৰাশিৰ জাতকে। সংগীক তেওঁৰ দোষ-ত্ৰুটি সকলোবোৰ সামৰিয়েই আপোন কৰি ৰাখে। বয়স যিমানেই বাঢ়ে, সংগীৰ প্ৰতি ভালপোৱাৰ টানো সিমানেই বাঢ়ি যায় মীন ৰাশিৰ জাতকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ