ছ’চিয়েল মিডিয়াৰ এটা পোষ্টৰ জৰিয়তে চৰ্চালৈ আহিছে জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিং। তেওঁৰ X হেণ্ডেলত কৰা ‘গেৰুৱাময়’ শব্দৰে ভৰা এটা পোষ্টক লৈ এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক আলোচনা চলিছে। একাংশৰ মনত প্ৰশ্ন উত্থাপন হৈছে—অৰিজিত সিঙে ৰাজনীতিত যোগদান কৰিবলৈ ওলাইছে নেকি? অৱশ্যে আন একাংশ অনুৰাগীৰ মতে, এই পোষ্টৰ জৰিয়তে গেৰুৱা শিবিৰক ব্যংগহে কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।
অৰিজিত সিঙৰ ৰাজনীতিত যোগদানক লৈ জল্পনা-কল্পনা এইবাৰেই প্ৰথম নহয়। চলিত বৰ্ষৰ জানুৱাৰী মাহত আৰু Playback কণ্ঠশিল্পী হিচাপে অৱসৰ লোৱাৰ কথা ঘোষণা কৰাৰ পিছতো তেওঁৰ ৰাজনীতিত প্ৰৱেশক লৈ বিভিন্ন চৰ্চা চলিছিল। সেই সময়ত একাংশই প্ৰশ্ন কৰিছিল—গানৰ জগতৰ পৰা আঁতৰি এইবাৰ ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিব নেকি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে? সংগীতৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰা অৰিজিৎ সিঙে এইবাৰ ৰাজনীতিৰ পথাৰত নামি জনসাধাৰণৰ সমস্যাৰ কথা ক’ব নেকি বুলিও চৰ্চা হৈছিল।
শেহতীয়াকৈ তেওঁৰ এক্স হেণ্ডেলত প্ৰকাশ পোৱা এই কাব্যিক পোষ্টে পুনৰ এই জল্পনা-কল্পনাক উচটনি দিছে। পোষ্টটোত তেওঁ লিখিছে—“হে গেৰুৱা বসনধাৰী! আপোনাৰ কথা নুশুনি কি পাৰোঁ? গেৰুৱাৰ ভয়ত কৰোঁ গেৰুৱাৰ জয়গান। গেৰুৱাময় হৈছে মোৰ প্ৰাণ।” এই শব্দকেইটাক লৈ এতিয়া বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়াইছে নেটিজেনসকলে। কোনো কোনোৱে ইয়াক অৰিজিৎ সিঙৰ ৰাজনৈতিক স্থিতিৰ ইংগিত বুলি ভাবিছে। আনহাতে, আন একাংশৰ মতে, পোষ্টটোৰ ভাষা আৰু কাব্যিক প্ৰকাশভংগীৰ মাজত ব্যংগৰ স্পষ্ট আভাস আছে। তেওঁলোকৰ ধাৰণা, গেৰুৱা ৰাজনৈতিক শিবিৰক লক্ষ্য কৰিয়েই এইদৰে লিখিছে কণ্ঠশিল্পীগৰাকীয়ে।
উল্লেখ্য যে, যোৱা ৪ মে’ত ৰাজ্যখনত গেৰুৱা শিবিৰৰ উত্থানৰ পিছৰে পৰা ৰাজনৈতিক মহলত বিভিন্ন চৰ্চা চলি আহিছে। এনে পৰিস্থিতিত উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা অৰুজিত সিঙৰ এই পোষ্টে নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে। নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ বিৰোধী দলসমূহৰ প্ৰতিবাদ আৰু নিৰ্বাচনী অনিয়মৰ অভিযোগৰ মাজতে পোষ্টটোৱে বিশেষ চৰ্চা লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















