অসম লাইভ২৪ঃ ২১ জুন শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিগ বছ অটিটিৰ ষ্ট্ৰিমিং৷ জিঅ’ চিনেমাত বিগ বছ অটিটি-৩ত এইবাৰ হোৱা সালসলনিক লৈ সকলোৰে মাজত চলিছে চৰ্চা৷ পৰিচালকৰ ভূমিকাত এইবৰা ছলমান নাই৷ ছলমানৰ পৰিবৰ্তে এইবাৰ বিগ বছ অটিটিত পৰিচালকৰ দায়িত্বত আছে বলীউড তাৰকা অনিল কাপুৰ৷
এইবাৰ অহা প্ৰতিযোগীসকলো ভিন্ন৷ চিনেমা জগতৰ সৈতে সংগতি নথকা লোকসকলে এইবাৰ বিগ বছ অটিটিৰ ঘৰলৈ আহিছে৷ সেই তালিকাত আছে জনপ্ৰিয় ইউটিউবাৰ আৰমান মালিক৷ দুই পত্নীক লগত লৈ বিগ বছ-৩ ৰ অটিটিলৈ আহিছে আৰমান মালিক৷ আৰমানৰ প্ৰৱেশৰ লগে লগেই অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই সামাজিক মাধ্যমত লিখিছে দীঘলীয়া পোষ্ট৷
আৰমানৰ ফেন ক্লাৱে দেৱলীনাৰ এই পোষ্টক সমালোচনাও কৰা পৰিলক্ষিত হৈছে৷ সকলোবোৰৰ মাজতেই ভাইৰেল হৈছে আৰমানৰ ছিক্ৰেট৷ বিগ বছত ভৰি দিয়াৰ লগে লগেই পোহৰলৈ আহিছে আৰমান মালিকৰ লুকাই থকা বহু সত্য৷ পায়েল-কৃতিকাৰ আগতেও এবাৰ বিয়া কৰাইছিল আৰমানে৷ আৰু এগৰাকী পত্নী আছে আৰমানৰ৷ অৰ্থাৎ পায়েল দ্বিতীয়া পত্নী আৰু কৃতিকা তৃতীয়া পত্নী আৰমানৰ৷
ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ হিচাপে জনপ্ৰিয় হোৱাৰ পূৰ্বেই প্ৰথমা বিবাহ বিচ্ছেদ হৈছে আৰমানৰ৷ সামাজিক মাধ্যমত আৰমানে পায়েলেই প্ৰথমা স্ত্ৰী বুলি পৰিচয় দি আহিছে৷ পায়েলৰ পূৰ্বে অৰ্থাৎ ১৭ বছৰ বয়সত প্ৰথম বিয়া হৈছিল আৰমানৰ৷ প্ৰথমা স্ত্ৰীৰ সৈতে তেওঁৰ বিচ্ছেদ হয়৷ তাৰপিছতেই পায়েলৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰমান৷
এই সন্দৰ্ভত প্ৰথমে বিগ বছত উল্লেখ কৰিছে পায়েল মালিকে৷ পায়েলে আৰমানৰ প্ৰথম পত্নীৰ প্ৰসংগ টানি আনি কয় যে, যদি সমস্যা হয় তেন্তে পায়েলেও বিচ্ছেদ বিচাৰিব৷ মন নিমিলিয়ে বিচ্ছেদেই ভাল৷ ভৱিষ্যতে যদি সমস্যা হয় তেন্তে পায়েলেও বিচ্ছেদেই ল’ব৷ পায়েলৰ সুৰতেই সুৰ মিলালে আৰমান মালিকৰ আনগৰাকী পত্নী কৃতিকাইয়ো৷
পায়েলে সমালোচকক প্ৰত্যুত্তৰ দি ক’লে, ‘ সমগ্ৰ জীৱন এজনে আনজনৰ সৈতেই থাকিব লাগিব কথা নাই৷ আৰমানৰ প্ৰথমা পত্নী আৰু মই দুইক্ষেত্ৰতেই এয়া প্ৰযোজ্য৷’ পায়েলে কৰা এই মন্তব্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ