অসম লাইভ ২৪ঃ ৰাজ্যত ২০২১ৰ নিৰ্বাচনৰ দামামা বাজি উঠিছে। ৰাজনৈতিক দলসমূহত যোগদান পৰ্ব আৰম্ভ হৈছে। মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হ’ল দুটা দলৰ দুখন যোগদান সভা। হেঙেৰাবাৰীত বিজেপিৰ আৰু মানৱেন্দ্ৰ শৰ্মা ভৱনত কংগ্ৰেছৰ যোগদান সভা অনুষ্ঠিত হয়। দুয়োটা দলতে যোগ দিলে একাংশ গায়ক-গায়িকা, অভিনেতা-অভিনেত্ৰীয়ে। বিজেপিত উচ্চাকাংক্ষা লৈ যোগ দিয়াসকলৰ অধিকাংশই আছিল CAAবিৰোধী। CAA আন্দোলনৰ ভৰপক সময়ত ঊৰ্ধ্ববাহু হৈ CAA আমি নামানো বুলি গগণফলা চিঞৰ মৰা এইসকল গায়ক-গায়িকাই মঙলবাৰে শৰণ ল’লে CAAৰ আজন্ম সমৰ্থনকাৰী বিজেপিত। এইসকলৰ ভিতৰত আছে দীপক শৰ্মা, সীমান্ত শেখৰ, প্ৰশন্ন বৰুৱা, কোবিন দাস, ৰেবা ফুকন, পল ফুকন, পংকজ ইংতি, জয়শ্ৰী গোস্বামী, প্ৰতিমা দেৱী, ড্ৰীমলী গগৈ, বিৰিণা পাঠক, প্ৰাঞ্জনা দত্ত, অংকুৰৰাণী, ধ্ৰুৱ কাশ্যপ, কিশোৰ দাস, সিদ্ধান্ত কলিতা, হিয়া মেধি, বৈকুণ্ঠ পাঠক, সুদীপ্ত ভৰত দাস, বিকাশ ভৰত দাস আৰু পল্লৱ প্ৰাণ বৰা। এওঁলোকৰ অধিকাংশই CAAৰ বিৰোধিতা কৰি এতিয়া অনুতপ্ত। চল চাই কঠীয়া পৰা CAAবিৰোধী শিল্পীৰ স্বৰূপ বুজি উঠিলে ৰাইজে। আনহাতে কংগ্ৰেছত যোগদান কৰিলে বাবু বৰুৱা, অজয় ফুকন, নেকিব, চন্দন কাকতি, ঋষি বৰুৱা, ডিম্বেশ্বৰ শৰ্মা, গিৰিন্দ্ৰ কলিতা, জিতেন ভূঞা, জুনজুন বৰা, ৰূপজ্যোতি চৌধুৰী বৰুৱা, ৰবিন ৰাজবংশী, ভগৱান পাঠক, প্ৰাঞ্জল বৰুৱা, হেমন্ত নেওগ, ৰিপুঞ্জয় বৰদলৈ, দেৱ, তানা দেৱৰাজ, বিকুল শইকীয়া, শোণিত গগৈ, ৰিণ্টু চৌধুৰী, এলিন মহন্ত, মৃণাল শইকীয়া, দীপক শইকীয়া, সমৰ কাশ্যপ, মনোজ ৰাজ, পিংকী বৰা, ৰাজু দাস, মাধুৰ্য শইকীয়া, দেৱোত্তম কুঃ শইকীয়া, ৰেবা দাস, শান্তনু গগৈ, সুৰেশ মেধি, বিতুল কোঁৱৰ, অঞ্জন ডেকা। ৰাজনৈতিক দলত যোগ দিয়ো সংগ্ৰামী সত্তাক অটুট ৰখা আখৰা মঞ্চৰ পৰা ৰাইজক দেখুৱালে সদ্য কংগ্ৰেছী একাংশ গায়কে। শিল্পীৰ মাজত Caa বিৰোধী আৰু CAA সমৰ্থনকাৰীৰ স্পষ্ট বিভাজন আজিৰ যোগদান সভা দুখনে পৰিষ্কাৰ কৰি দিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ