আৰম্ভণিৰ পূৰ্বেই বিতৰ্কত ৭৮ তম কাঁ চলচ্চিত্ৰ উৎসৱ৷ ভাৰতীয় সময় অনুসৰি মঙলবাৰে নিশা অৰ্থাৎ কিছুসময় পূৰ্বে আৰম্ভ হৈছে এই উৎসৱ৷ কিন্তু তাৰ পূৰ্বেই উৎসৱ কৰ্তৃপক্ষই ৰঙা দলিচাত নগ্নতা নিষিদ্ধ ঘোষণা কৰিছে৷ যি বিশ্বব্যাপী চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টিও কৰিছে৷
২৪টা চিৰি আৰু ৬০মিটাৰ দীৰ্ঘ ৰঙা দলিচাত খোজ কাঢ়িবলৈ প্ৰতিবছৰে আশাৰে ৰৈ থাকে চলচ্চিত্ৰ জগতৰ তাৰকাসকল৷ সেই দলিচাতেই বিভিন্ন বিতৰ্কৰো সূত্ৰপাত হয়৷ এই বিতৰ্কই কাৰোবাক যদি আগুৱাই নিয়ে কাৰোবাৰ কেৰিয়াৰো অন্ত পেলায়৷ কাঁ উৎসৱ কৰ্তৃপক্ষই এইবাৰৰ উৎসৱৰ অতিথিসকলৰ বাবে এক নিৰ্দেশিকা প্ৰৱেশ কৰিছে৷ তাতেই কোৱা হৈছে উৎসৱত নগ্ন পোছাকত প্ৰৱেশ কৰিব নোৱাৰিব৷ ইয়াৰোপৰি ৰেড কাৰ্পেটত কোনো দীৰ্ঘ ফ্ৰিলযুক্ত পোছাক পিন্ধিবও নোৱাৰিব৷ উৎসৱ কৰ্তাসকলৰ দাবী, এই ধৰণৰ পোছাক পিন্ধিলে কৰ্তব্যৰত কৰ্মীসকলৰ ভীৰ নিয়ন্ত্ৰণত অসুবিধা হয়৷ ইয়াৰোপৰি লুমিয়েৰ গ্ৰেণ্ড থিয়েটাৰত প্ৰৱেশৰ বাবেও একাধিক নিৰ্দেশিকা জাৰি কৰা হৈছে৷ সম্পূৰ্ণ বিষয়টোৰ নেপথ্যত ছাফাই হিচাপে উৎসৱৰ প্ৰতিষ্টানিকতা আৰু ফৰাচি আইনৰ কথা উল্লেখ কৰিছে কৰ্তাসকলে৷
বিশ্বৰ অন্যতন কঠোৰ ৰঙা দলিচা হৈছে কাঁ ফেষ্টিভেলৰ দলিছা৷ পূৰ্বে এই কাঁৰ ৰঙা দলিচাত ভৰি থবলৈ একাধিক নিয়ম মানিব লাগিছিল৷ যেনে ২০১৫ চনত কাঁৰ দলিচাত তাৰকাই ছেলফী তোলাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল৷ এইবাৰ নগ্নতাৰ দিশটোক বিশেষ গুৰুত্ব দিছে৷ কাঁ চলচ্চিত্ৰ উৎসৱত বিশ্ব চিনেমাৰ প্ৰথম শাৰীৰ তাৰকাসকল আহে৷ উৎসৱৰ ৰেড কাৰ্পেটত খোজ কঢ়া অতিথিৰ পোছাকো বহু পূৰ্বেই তৈয়াৰ কৰে পোছাকশিল্পীসকলে৷ সেয়ে শেষ মুহূৰ্তত অহা এই ঘোষণাই চিন্তাত পেলাইছে বহু শিল্পীক৷
কাঁ’ ৰ দলিচাত খোজ দিবলৈ কি কি নিয়ম মানিব লাগিব?
- ৰঙা দলিচাত তাৰকাসকলে ছেলফি তুলিব নোৱাৰিব৷
- প্ৰেক্ষাগৃহৰ ভিতৰত মোবাইল ফোন লৈ প্ৰৱেশ নিষিদ্ধ৷
- কাঁ’ৰ ৰঙা দলিচাত স্মাৰ্ট কেজুৱেল নিষিদ্ধ৷ পুৰুষৰ ক্ষেত্ৰত টাক্সেডো ফেশ্ব্যন বাধ্যতামূলক৷ অৰ্থাৎ পিন্ধিব লাগিব কলা বা গাঢ় নীলা ৰঙৰ ছেটিনৰ লেপেলযুক্ত কোট, বগা চাৰ্ট, কলা ট্ৰাউজাৰ্ছ৷ ডিঙিত বো টাই৷
- মহিলাই তেওঁলোকৰ ইচ্ছামতে পোছাক পিন্ধিব পাৰিব৷ কিন্তু চলিত বছৰত নগ্নতা নিষিদ্ধ কৰা হৈছে৷ ইয়াৰোপৰি অতিথিসকলক দীৰ্ঘ ফ্ৰিলযুক্ত কোনো পোছাক পিন্ধা নিষেধ কৰা হৈছে৷
- ৰঙা দলিচাত পোছাকৰ সৈতে মিলা জোঁতা পিন্ধিব লাগিব৷ খালী ভৰিত প্ৰৱেশ নিষেধ৷
- পোছাকৰ সৈতে আনুসংগিক ফেশ্ব্যনৰ ক্ষেত্ৰত কোনো বিধিনিষেধ নাই৷ ইয়াৰ সৈতে কোনো টোট বেগ বা ডাঙৰ বেগ লৈ প্ৰেক্ষাগৃহত প্ৰৱেশ নিষেধ৷
উল্লেখ্য যে প্ৰত্যেক বছৰ ভাৰতৰ পৰাও একাধিক তাৰকাই কাঁৰ দলিচাত খোজ দিয়ে৷ চলিব বছৰতো এই ৰঙা দলিচাত খোজ দিব ঐশ্বৰ্য ৰায় বচ্চন, আলিয়া ভাট্ট, শৰ্মিলা ঠাকুৰ, কৰণ জোহাৰ, জাহ্নৱী কাপূৰ, চিমি গাঢ়েৱাল প্ৰমুখ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















