আপুনি যদি বিৰিয়ানি প্ৰেছাৰ কুকাৰত ৰান্ধে তেন্তে একেই সোৱাদ থাকিবনে? ঠিক তেনেকৈ কয়লাৰ তন্দুৰত ঘি লগাই মাংস পুৰাৰ স্বাদ আপুনি গেছ বা বৈদ্যুতিক হিটাৰত পুৰিলে পোৱা সম্ভৱ জানো? সাধাৰণতে খাদ্যৰ স্বাদ বহুসময়তে নিৰ্ভৰ কৰে ৰন্ধন প্ৰণালীৰ ওপৰত৷ আপুনি গৰম অঙঠাত ঘীঁ লগাই পুৰা মাংসৰ সোৱাদ গেছৰ পুৰি দিয়া মাংসত কোনোকালে নাপায়৷ শেহতীয়াকৈ দিল্লীত আহিছে নতুন নিয়ম৷ এতিয়াৰে পৰা দিল্লীত আপুনি নাপায় কোনো তন্দুৰী৷ অৰ্থাৎ কয়লা জ্বলাই মাংস তন্দুৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে৷
সেয়ে এতিয়াৰে পৰা দিল্লীত আপুনি টিক্কা, তন্দুৰি ৰুটি, তন্দুৰি চিকেনৰ সোৱাদ লব নোৱাৰিব৷ যিহেতু দিল্লী কেৱল ৰাজধানী বুলিয়েই নহয় পৃথিৱীৰ খাদ্য মানচিত্ৰত ষ্ট্ৰিট ফুড আৰু তন্দুৰিৰ বাবেও খুবেই জনপ্ৰিয় তেনে সময়তেই দিল্লীৰ প্ৰদুষণ বৰ্ডে দিয়া এই জাননীক লৈ চৰ্চা হৈছে ভোজনপ্ৰিয় লোকৰ মাজত৷ প্ৰশ্ন হৈছে প্ৰদূষণৰ দোহাই দি দিল্লীত তন্দুৰিৰ ব্যৱসায় কিয় বন্ধ কৰা হ’ল? প্ৰদূষণৰ বাবে অন্য উৎসসমূহ দায়ী নহয় নেকি? কেৱল তন্দুৰীৰ বাবেই দিল্লী প্ৰদূষিত হৈছে নেকি?
কি কৈছে দিল্লী চৰকাৰে?
প্ৰতিবাৰেই শীতকালত দিল্লীত প্ৰদূষণৰ মাত্ৰা বাঢ়ি যায়৷ আৰু প্ৰতিবছৰেই এই প্ৰদূষণ নিয়ন্ত্ৰণত নানান ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে৷ কেতিয়াবা যদি জোৰ-বিজোৰ নীতি আৰম্ভ হয় কেতিয়াবা আকৌ ব্যক্তিগত বাহনত নিষেধাজ্ঞা জাৰি কৰা হয়৷ কিন্তু এইবাৰ খাদ্যৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে কেইদিনমান পূৰ্বে এক নিৰ্দেশনাযোগে দিল্লীৰ সমস্ত হোটেল, ৰেষ্টুৰা, ধাবা, ক্লাউড কিচেন আৰু ৰাস্তাৰ কাষৰ খাদ্য বিক্ৰেতাসকলক উদ্দেশ্য কৰি কৈছে- তন্দুৰত ৰন্ধা-বঢ়া কৰা বন্ধ কৰক৷ আপোনালোকে তন্দুৰত ৰন্ধাৰ প্ৰক্ৰিয়াৰ সলনি কৰিব লাগিব৷ এতিয়াৰে পৰা কয়লা জ্বলাই তন্দুৰী তৈয়াৰ কৰাৰ সলনি গেছ, বৈদ্যুতিক ষ্টোভ বিকল্প ব্যৱহাৰ কৰিব পাৰিব৷ এয়াৰ প্ৰিভেনছন এণ্ড কন্ট্ৰোল অফ পলিউছন আইনৰ অধীনত এই নিৰ্দেশ দিয়া হৈছে বুলিও স্পষ্টকৈ জনাই দিছে তেওঁলোকে৷
কি কৈছে পৰিবেশবিদে?
পৰিবেশবিদে কৈছে যে কয়লাত ৰান্ধিলে যি ধোঁৱা ওলায় তাৰ পৰা প্ৰদূষণ স্বাভাৱিকভাৱেই হয়৷ দীৰ্ঘ সময় ধৰি খাদ্য তৈয়াৰৰ বাবে এয়া জ্বলাই থোৱা হয়৷ যিয়ে বতাহত দূষিত কণাৰ পৰিমাণ বঢ়ায়৷ বিশেষকৈ শীতত যেতিয়া বতাহৰ স্বাভাৱিক আৰ্দ্ৰতা কমি যায় তেতিয়া তন্দুৰি ৰন্ধনৰ বাবে জ্বলাই থোৱা চৌকাই বতাহৰ একিউআইক প্ৰভাৱিত কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















