সততে অন্য দল-সংগঠনক চান্দাবাজ বুলি হৈ চৈ সৃষ্টি কৰি অহা বিজেপি দলৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে? এই পৰিমাণৰ কথা জানিলে আপোনাৰ চকুত কপালত উঠিব!
শুকুৰবাৰে ডেম’ক্ৰেটিকছ ৰিফ’ৰ্মছ (এডিআৰ)ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি দেশৰ শাসকীয় দলটোৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪,৮৪৭ কোটি টকা৷ তাকো এই সম্পত্তিৰ পৰিমাণ হৈছে ২০১৯-২০২০ বৰ্ষৰ৷
সংস্থাটোৰ মতে ইয়াৰ তুলনাত শত বছৰ গৰকা কংগ্ৰেছৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ ৫৮৮.১৬ কোটি টকা৷ এই পৰিমাণেৰে কংগ্ৰেছ তৃতীয় স্থানতহে আছে৷ ৬৯৮.৩৩ কোটি টকাৰে পূৰ্বতে উত্তৰ প্ৰদেশত শাসন কৰি অহা মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টিয়ে আছে দ্বিতীয় স্থানত৷
আনহাতে, উত্তৰ প্ৰদেশত শাসন চলোৱা আন এটা দল সমাজবাদী পাৰ্টিৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫৬৩.৪৭ কোটি টকা৷ এই পৰিমাণেৰে আঞ্চলিক দল হ’লেও সমাজবাদী পাৰ্টি চতুৰ্থ স্থানত আছে৷ অৱশ্যে আঞ্চলিক দল হিচাপে সমাজবাদী পাৰ্টি হৈছে দেশৰ আটাইতকৈ ধনাঢ্য দল৷
প্ৰকাশিত তথ্যৰ মতে দেশৰ সকলো ৰাজনৈতিক দলৰ মুঠ সম্পদৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ হাতত আছে প্ৰায় ৭০ শতাংশ সম্পদ৷
প্ৰতিবেদনখনৰ অনুসৰি ২০১৯-২০ বৰ্ষত দেশৰ সাতটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৬,৯৮৮.৫৭ কোটি টকা৷ আনহাতে, ইয়াৰ বিপৰীতে ৪৪ টা আঞ্চলিক ৰাজৈনতিক দলৰ সম্পত্তিৰ হৈছে ২,১২৯.৩৮ কোটি টকা৷
আঞ্চলিক দল সমাজবাদী পাৰ্টিৰ পিছতে ৩০১.৩৭ তোটি টকাৰে অন্ধ্ৰ টিআৰএছ-এ দ্বিতীয় আৰু ২৬৭.৬১ কোটি টকাৰে তামিলনাডুৰ এআইডিএমকে তৃতীয় স্থানত আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ