পুনৰ পেগাচাছ কাণ্ডই দেশৰ ৰাজনীতিক উত্তাল কৰি তুলিছে৷ মাৰ্কিন সংবাদ পত্ৰ নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনৰ পিছতে পেগাচাছ কাণ্ডকলৈ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে৷
শনিবাৰে পেগাচাছ কাণ্ডৰ সন্দৰ্ভত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চুপ হৈ থকাকলৈ বিৰোধী কংগ্ৰেছ দলে অধিক আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে৷
মাৰ্কিন সংবাদ পত্ৰ নিউয়ৰ্ক টাইমছৰ বিশ্বৰ ‘আটাইতকৈ শক্তিশালী চাইবাৰ অস্ত্ৰৰ বাবে যুদ্ধ’ শীৰ্ষক এক প্ৰতিবেদনত কোৱা হৈছে যে ২০১৭ চনতে ভাৰত চৰকাৰ আৰু ইজৰাইলৰ মাজত ২ বিলিয়ন ডলাৰৰ মূল্যৰ চুক্তি সম্পাদন কৰা হৈছিল৷ আৰু ইয়াৰ ভিতৰত মুখ্য চুক্তি আছিল ইজৰাইলী প্ৰতিষ্ঠান এনএছঅ’ গ্ৰুপৰ স্পাইৱেৰ পেগাচাছৰ চোৰাংচোৱা সঁজুলি আৰু অত্যাধুনিক যুদ্ধাস্ত্ৰ মিছাইল প্ৰণালীৰ চুক্তি৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনৰ জুলাই মাহত ইজৰাইল ভ্ৰমণলৈ গৈছিল আৰু তেতিয়াই এই চুক্তি সম্পাদন কৰাৰ কথা প্ৰতিবেনখনত কোৱা হৈছে৷ নিউয়ৰ্ক টাইমছৰ এই প্ৰতিবেদনৰ পিছতে পুনৰ দেশৰ ৰাজনীতিত তোলপাৰ লাগিছে৷
উল্লেখ্য যে কিছুদিন পূৰ্বে বিশ্বৰ কেবাটাও সংবাদ সংস্থাই পেগাচাছ কাণ্ডৰ চোৰাংচোৱাগিৰি তথ্য পোহৰলৈ আনিছিল৷ ভাৰত চৰকাৰেও দেশৰ বহু বিৰোধী ৰাজনৈতিক নেতাৰ লগতে কেইগৰাকীমান কেন্দ্ৰী মন্ত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ কেবাশতাধিক বিশিষ্ট লোকৰ ফোনক পেগাচাছৰ স্পাইৱেৰ জৰিয়তে নিৰিক্ষীণ কৰি তেওঁলোকৰ ব্যক্তিগত তথ্য আহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷
সেই সময়ত এই কাণ্ডৰ দ্বাৰা দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতিও ভাবুকি অনা বুলি দাবী কৰিছিল বিৰোধী ৰাজনৈতিক দলসমূহে৷ ইমানেই নহয় বিৰোধী দলবোৰে দেশৰ ৰাজনীতি উত্তাল কৰি তোলাৰ সমান্তৰালভাৱে বিষয়টোৱে উচ্চতম ন্যায়ালয়ৰ মজিয়াও পাইছিল৷ তেতিয়াও চৰকাৰে সমগ্ৰ বিষয়টোক লৈ নিশ্চুপ হৈ আছিল আৰু উচ্চতম ন্যায়ালয়ে চৰকাৰক এই সংক্ৰান্তত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল৷
উচ্চতম ন্যায়ালয়ত প্ৰথমাৱস্থাত শপতনামা দাখিল কৰিবলৈ অস্বীকাৰ কৰা চৰকাৰে পিছলৈ ধমক খাই ফেঁচাটোৰ দৰে হৈ সৰ্বোচ্চ ন্যায়ালয়ক নিৰ্দেশ মানিবলৈ বাধ্য হৈছিল৷ কিন্তু বিৰোধীয়ে বাৰম্বাৰ চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়াৰ দাবী কৰি আহিলেও চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীয়ে সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক বক্তব্য প্ৰকাশ কৰা নাছিল৷
এতিয়া নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনৰ পিছত বিৰোধী বিশেষকৈ কংগ্ৰেছে পেগাচাছ চুক্তি সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়াৰ দাবী কৰিছে৷
জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকা অৰ্জুন খর্গেই মোদী চৰকাৰক আক্ৰমণ কৰি প্ৰশ্ন কৰে, ‘‘মোডী চৰকাৰে কিয় ভাৰতৰ শত্ৰুৰ দৰে কাম কৰিছিল আৰু ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে যুদ্ধ অস্ত্ৰ ব্যৱহাৰ কৰিছিল?’’ পেগাচাছ ব্যৱহাৰ কৰি অবৈধ স্নুপিং কৰাতো একপ্ৰকাৰৰ দেশদ্ৰোহ বুলি মন্তব্য কৰি খৰ্গেই লগতে মন্তব্য কৰে যে কোনেও আইনৰ উৰ্ধত নহয় আৰু এই ক্ষেত্ৰত দেশে ন্যায় লাভ কৰাতো আমি নিশ্চিত কৰিব লাগিব৷
ইফালে কংগ্ৰেছৰ মুখপাত্ৰ চামা মহম্মদে দাবী কৰি কয় যে ‘এই অকাট্য প্ৰমাণে’ মোদী চৰকাৰে ৰাহুল গান্ধীসহ অন্যসকলৰ ওপৰত সামৰিক চোৰাংচোৱাগিৰি কৰি অহাটো নিশ্চিত কৰিছে৷
নিউয়ৰ্ক টাইমছৰ বিস্ফোৰক প্ৰতিবেদনৰ পিছতে কংগ্ৰেছে পেগাচাছ কাণ্ডকলৈ পুনৰ সৰৱ হৈ পৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীই মৌনতা ভংগ কৰি এই সম্পৰ্কে স্থিতি প্ৰকাশ কৰিবলৈও দাবী জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ