চিৰবিদায় মাগিলে কুকিলকণ্ঠী গায়িকা আশা ভোঁছলেই৷ আশা ভোঁছলেৰ দেহাৱসানৰ পাছতেই আশাৰ জীৱনৰ বহু অদেখা অধ্যায়ৰ চৰ্চা চলিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত৷ আশা ভোছলেই জীৱনত দুবাৰ বিয়া কৰাইছে৷ গায়িকাৰ প্ৰথম স্বামী গণপতৰাও ভোছলে আৰু দ্বিতীয় স্বামী ৰাহুল দেৱ বৰ্মণ৷ আশাৰ আছে মুঠ তিনিটা সন্তান৷ তিনিটা সন্তানেই প্ৰথম স্বামীৰ পক্ষৰ পৰা৷ হেমন্ত, বৰ্ষা আৰু আনন্দ ভোছলে তেওঁৰ তিনি সন্তান৷ ৰাহুলৰ সৈতে তেওঁৰ কোনো সন্তান নাই৷ ৰাহুলৰ সৈতে বিবাহৰ পাছৰে পৰাই প্ৰথম পক্ষৰ সন্তানৰ সৈতে সাময়িক দূৰত্ব আৰম্ভ হয়৷ তাৰ পিছত অৱশ্যে সেই দূৰত্ব দূৰো হয়৷ বহুতেই কয়, জীৱনত বহু কষ্ট সহ্য কৰিছে তেওঁ৷ ডাঙৰ সন্তান হেমন্তৰ মৃত্যু হয় কৰ্কটত৷ ২০১২ চনত তেওঁৰ কন্যা বৰ্ষাই নিজেই শেষ কৰে নিজৰ জীৱন৷
বৰ্ষাই যেতিয়া নিজকে শেষ কৰিছিল সেই সময়ত ছিংগাপুৰত অনুষ্ঠান পৰিবেশনৰ বাবে গৈছিল আশা৷ বৰ্ষাই তেওঁৰ ঘৰত ৰখা পিস্তলেনে নিজৰ মূৰত গুলি কৰে৷ গায়িকাৰ বাহন চালকে ঘৰত গৈ দেখা পায় যে ছোফাত ৰক্তাক্ত অৱস্থাত পৰি আছিল তেওঁ৷ পেছাত বৰ্ষা আছিল লেখক, সাংবাদিক৷ কন্যাৰ মৃত্যুৰ খবৰ পাই মাটিত পৰি যায় আশা৷ ছিংগাপুৰৰ পৰা মুম্বাইলৈ বিমানেৰে লৈ অহা হয় আশা ভোঁছলেক৷
শুনা যায় নিজৰ দাম্পত্য জীৱনক লৈ অশান্তিত আছিল বৰ্ষা৷ অৱসাদত ভূগিছিল৷ সেই বাবেই তেওঁ চৰম সিদ্ধান্ত লয়৷ বৰ্ষাৰ মৃত্যুত এক সময়ত দিনৰ পাছত দিন কান্দোনত ভাঙি পৰিছিল লতা মঙ্গেছকাৰ৷ এক সাক্ষাৎকাৰত আশাই জনাই বৰ্ষাৰ মৃত্যুৰ খবৰ লতাক দিয়া ঠিক হোৱা নাছিল৷ কন্যাক লৈ আৱেগতাৰিত হৈ আশাই কয়, ‘এদিন মোৰ সৈতে বৰ্ষাৰ নিশ্চয় দেখা হ’ব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















