ফুলশয্যাৰ নিশা মানেই ৰোমান্টিকতা৷ কিন্তু আমাৰ দেশতেই এজন যুৱকৰ সৈতে ফুলশয্যাৰ নিশাই ঘটিছে নঘটিবলগীয়া ঘটনা৷ কইনা ওৰণি উঠাবলৈ গৈ বিপদত যুৱক৷ ফুলশয্যাৰ নিশা নৱবিবাহিতা পত্নীৰ কাষ চাপিবলৈ যাওতে ৯০ লাখ টকা দাবী কৰে পত্নীয়ে৷ শাৰীৰিক ঘনিষ্ঠতা দূৰৈৰে কথা পত্নীৰ মুখ চাবলৈ গৈয়েই ৯০ লাখ টকা বিচাৰি পত্নীয়ে কৰা আবেদন শুনি হতচকিত হৈ পৰে যুৱক৷ ঘটনাটো আগ্ৰাৰ৷ ন’কৈ বিয়া কৰোৱা স্বামীক ৯০ লাখ টকা দাবী কৰাই নহয়, এই ধন আদায় নিদিলে তেওঁৰ লগতে তেওঁৰ স্বামী পৰিয়ালক সকলোকে জ্বলাই দিয়াৰো ভাবুকি দিয়ে৷
এই ঘটনা প্ৰায় এবছৰ আগৰ৷ আগ্ৰাৰ বাসিন্দা গৌৰৱৰ সৈতে কল্পনাৰ বিবাহ এদিনো নিটিকিল৷ গৌৰৱৰ অভিযোগ যে কল্পনাই দাবী কৰাৰ ওপৰিও তেওঁৰ লগতে তেওঁৰ পৰিয়ালক বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে৷ নিজৰ আৰু শাহুৱেকৰ সকলো গহনাও আত্মসাৎ কৰিব খোজে৷ ইয়াৰ লগতে দাবী কৰিয়েই থাকে যে ৯০ লাখ টকা দিবই লাগিব৷ পৰবৰ্তী প্ৰায় দুমাহৰো বেছি সময় ধৰি এই দাবী কৰিয়েই থাকে৷ শেষত জুলাই মাহত শহুৰেকৰ ঘৰ এৰি গুচি যায় কল্পনা৷
৩ ছেপ্টেম্বৰত কল্পনাৰ ভায়েক ৰাহুলে তেওঁৰ পিতৃৰ বেংক ডিটেইলছ পঠিয়াই দিয়ে গৌৰৱৰ ভনীয়েক মুছকানক৷ দাবী কৰি থাকে ৯০ লাখৰ ভিতৰত কিছু টকা অন্তত আগতীয়াকৈ পঠিয়াই দিয়ক৷ কিন্তু গৌৰৱে সেই আবেদনক কোনো গুৰুত্ব নিদিলে৷ পৰবৰ্তী কিছুদিন ধৰি এই দাবী চলাই থাকে৷ ২৫ মাৰ্চত কল্পনাই তেওঁৰ ভাতৃ আৰু পিতৃক লৈ গৌৰৱৰ ঘৰত উপস্থিত হৈ অসভ্যালীও কৰে৷ আনকি গৌৰৱৰ অসুস্থ পিতৃকো অপমান কৰে৷ সকলোকে জ্বলাই দিয়া ভাবুকি দি কল্পনা পিতৃগৃহলৈ উভতি যায়৷ এই সমগ্ৰ ঘটনাক লৈ শেষত আৰক্ষীৰ কাষ চাপে গৌৰৱ৷ আৰক্ষীৰ কাষ চপাৰ খবৰ লাভ কৰাৰ পাছতেই কল্পনা আৰু তেওঁৰ পৰিয়ালে সেই চহৰ ত্যাগ কৰিছে৷
কিন্তু কিয় এনেদৰে ধন বিচাৰিছিল কল্পনাই সেই কথা বৰ্তমানো ৰহস্য৷ আৰক্ষীয়ে সমগ্ৰ বিষয়টোক লৈ তদন্ত অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















