দক্ষিণ ভাৰতীয় সংগীত জগতৰ জনপ্ৰিয় সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দৰ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) কাব্য মৰাণ অৱশেষত বিবাহপাশত আবদ্ধ হ’ল। আজি গ্ৰীচত এক আড়ম্বৰপূৰ্ণ আৰু তাৰকাৰে ভৰা বিৱাহ অনুষ্ঠানত দুয়োৱে নতুন জীৱনৰ পাতনি মেলে। এই বিৱাহ অনুষ্ঠানক লৈ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে।
বিৱাহৰ বিশেষ মুহূৰ্তৰ কেইবাখনো ফটো অনিৰুদ্ধই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰে। ফটোৰ সৈতে তেওঁ লিখে, “মোৰ জীৱনৰ অতিকৈ বিশেষ মুহূৰ্ত, যি আজীৱন মোৰ সৈতে থাকিব। ১১.১১”
বিৱাহৰ সাজ-পোছাকত অনিৰুদ্ধ-কাব্য
অনিৰুদ্ধ ৰবিচন্দৰে হাতীদাঁতৰ ৰঙৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে। তেওঁ কুৰ্তাৰ সৈতে মেচিং ভেষ্টি আৰু সুন্দৰ এম্ব্ৰয়ডাৰী কৰা দীঘল জেকেট পিন্ধিছিল। তেওঁৰ সাজ-পোছাকত পৰম্পৰা আৰু আধুনিকতাৰ এক সুন্দৰ সমন্বয় দেখা গৈছিল। আনহাতে, কাব্য মৰাণে ব্লাছ পিংক অৰ্থাৎ পাতল গোলাপী ৰঙৰ লেহেংগা পৰিধান কৰে। লেহেংগাখনত আছিল সুন্দৰ এম্ব্ৰয়ডাৰী আৰু চেকুইনৰ কাম। মেচিং ব্লাউজৰ সৈতে তেওঁ ধুনীয়া গলৰ অলংকাৰ আৰু কাণফুলি পৰিধান কৰিছিল। দুয়োৰে পেষ্টেল ৰঙৰ সাজ-পোছাকে বিৱাহ অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তুলিছিল।
বিয়াত কোন কোন উপস্থিত আছিল?
অনিৰুদ্ধ আৰু কাব্যৰ বিৱাহ অনুষ্ঠানত বহু আগশাৰীৰ ৰাজনৈতিক নেতা, চলচ্চিত্ৰ তাৰকা আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ খবৰ পোৱা গৈছে। বিৱাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ছুপাৰষ্টাৰ ৰজনীকান্তক পৰিয়ালৰ সৈতে বিমানবন্দৰত দেখা গৈছিল। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু তেওঁৰ পৰিয়ালকো বিমানবন্দৰত দেখা যায়। বিৱাহ অনুষ্ঠানলৈ যাত্ৰা কৰা বহু বিশিষ্ট ব্যক্তিৰ ফটো আৰু ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে।
২১ নৱেম্বৰত চেন্নাইত অভ্যৰ্থনা অনুষ্ঠান
গ্ৰীচত বিৱাহ সম্পন্ন কৰাৰ পিছত অনিৰুদ্ধ ৰবিচন্দৰ আৰু কাব্য মৰাণে ২১ নৱেম্বৰত চেন্নাইত এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰাৰ সম্ভাৱনা আছে। কাব্যৰ পিতৃ কলানিথি মৰাণ আৰু মাতৃ কাবেৰী মৰানে তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীক সাক্ষাৎ কৰি বিৱাহ অভ্যৰ্থনা অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। ইয়াৰ পিছতে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্যৰ জৰিয়তে অভ্যৰ্থনা অনুষ্ঠানৰ তাৰিখ নিশ্চিত হোৱা বুলি জানিব পৰা গৈছে। বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই অভ্যৰ্থনা অনুষ্ঠানৰ অতিথি তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ নামো আছে। ইয়াৰ উপৰি কেইবাগৰাকীও মুখ্যমন্ত্ৰী আৰু ৰাজনৈতিক নেতাই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আমন্ত্ৰিত ৰাজনৈতিক ব্যক্তিসকলৰ ভিতৰত তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়, তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ নাম উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নামো অতিথি তালিকাত থকা বুলি খবৰ প্ৰকাশ পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















