পুখুৰীসদৃশ এটা প্ৰকাণ্ড টেংকিত পৰা ভগ্নীক বচাবলৈ তিনিজন ভাতৃয়ে জপিয়াই পৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে চাৰিওজনে পানীত ডুবি কৰুণ মৃত্যুক আকোঁৱালি লয়। একেটা পৰিয়ালৰ চাৰিটা সন্তানৰ অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ৰাজস্থানৰ বিকানেৰত ভাই দুজৰ দিনাই সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা।
বিকানেৰৰ ছটাৰগড় আৰক্ষী থানা এলেকাৰ অন্তৰ্গত ০৪ AWMৰ পথাৰত থকা এটা পানীৰ টেংকিত ডুব গৈ একেটা পৰিয়ালৰ চাৰিটা শিশুৰ মৃত্যু হয়। এই ঘটনাই পৰিয়ালটোক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি তুলিছে। প্ৰাপ্ত তথ্য অনুসৰি, ৰমেশ নায়কক লিজত দিয়া এখন পথাৰত থকা প্ৰকাণ্ড টেংকিটোত আজি পুৱা এই দুৰ্ঘটনা সংঘটিত হয়। সেই সময়ত ১৪ বছৰীয়া পূজা নায়কে পানী উলিয়াবলৈ গৈ অসাৱধানতাবশতঃ পিছলি পানীৰ টেংকিত পৰি যায়।
কনিষ্ঠ ভগ্নীক পানীত ডুব যোৱা দেখি প্ৰথমে ভাতৃ মুকেশ আৰু মনোজে তাইক উদ্ধাৰ কৰিবলৈ টেংকিত জপিয়াই পৰে। আনহাতে, কালুৰামৰ পুত্ৰ নিৰ্মলেও তিনিওজনক বচাবলৈ পানীত জপিয়াই পৰে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে ভগ্নীক বচাবলৈ গৈ তিনিওজন ভাতৃয়েও পানীত ডুব যায়। ফলত চাৰিওজনৰে কৰুণ মৃত্যু হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ছটাৰগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে পানীৰ টেংকিৰ পৰা চাৰিওজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক (গ্ৰাম্য) বনোৱাৰী লাল মীনাই এই শোকাৱহ ঘটনাৰ কথা নিশ্চিত কৰে। নিহতসকল হৈছে মুকেশ (২১), নিৰ্মল (১৮), মনোজ আৰু প্ৰায় ১৪ বছৰীয়া পূজা।
প্ৰাপ্ত তথ্য অনুসৰি, ৰমেশ নায়ক আৰু কালুৰাম ভাতৃ। দুৰ্ঘটনাত মৃত্যু হোৱা চাৰিওজনৰ ভিতৰত মুকেশ, মনোজ আৰু পূজা ৰমেশ নায়কৰ সন্তানত আনহাতে মৃত নিৰ্মল কালুৰাম নায়কৰ পুত্ৰ। একেলগে চাৰিটা সন্তান হেৰুৱাই পৰিয়ালটোৰ মাজত গভীৰ শোকৰ সৃষ্টি হৈছে।
ভাই দুজৰ দৰে ভাতৃ-ভগ্নীৰ মৰম আৰু সম্পৰ্কৰ প্ৰতীকী দিনটোতেই সংঘটিত এই ঘটনাই সকলোকে মৰ্মাহত কৰিছে। ভনীয়েকক বচাবলৈ গৈ তিনিজন ভাতৃৰো মৃত্যু হোৱা ঘটনাই অঞ্চলবাসীৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে। ইফালে, আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাৰ সৈতে জড়িত বিষয়সমূহ পৰীক্ষা কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















