শদিয়াৰ বাসিন্দা ইন্দিৰা দেওৰী ওৰফে জেনীয়ে উত্তৰাখণ্ডৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰক সিং ৰাৱটৰ বিৰুদ্ধে পুনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ২৩ বছৰীয়া পুত্ৰৰ পিতৃত্বৰ আইনী স্বীকৃতি বিচাৰি তেওঁ নতুনকৈ DNA পৰীক্ষা আৰু CBIৰ তদন্তৰ দাবী জনাইছে।
বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত জেনীয়ে নিজৰ জীৱনৰ এক দুখজনক অধ্যায়ৰ কথা প্ৰকাশ কৰে। তেওঁৰ দাবী অনুসৰি, ২০০২ চনত ডেৰাডুনত হৰক সিং ৰাৱটৰ সৈতে তেওঁৰ চিনাকি হৈছিল। সেই সময়ত জেনীৰ বয়স আছিল মাত্ৰ ১৬ বছৰ আৰু তেওঁ ডেৰাডুনত কৰ্মৰত আছিল।
জেনীয়ে অভিযোগ কৰে যে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁক ৰাৱটৰ বাসগৃহলৈ লৈ যোৱা হৈছিল। তাত উপস্থিত হোৱাৰ দুই-তিনি দিনৰ ভিতৰতে তেওঁ যৌ*ন নিৰ্যাতনৰ সন্মুখীন হৈছিল বুলি দাবী কৰে। পৰৱৰ্তী সময়ত তেওঁক বিভিন্ন স্থানলৈ স্থানান্তৰ কৰা হৈছিল আৰু শেষত এটা প্ৰতিষ্ঠানত আবদ্ধ কৰি ৰখা হৈছিল। তাত তেওঁ আন লোকৰ সৈতে যোগাযোগ কৰাৰ কোনো সুবিধা পোৱা নাছিল বুলি অভিযোগ কৰে।
২০০৩ চনত জন্ম হৈছিল পুত্ৰ সন্তান
জেনীৰ বক্তব্য অনুসৰি, পৰৱৰ্তী সময়ত চিকিৎসা পৰীক্ষাৰ জৰিয়তে তেওঁ গৰ্ভৱতী হোৱাৰ কথা জানিব পাৰে। ২০০৩ চনৰ ৩ জুনত তেওঁ এটি পুত্ৰ সন্তান জন্ম দিয়ে। সন্তান জন্মৰ সময়ত চিকিৎসালয়ৰ কৰ্তৃপক্ষই পিতৃৰ নাম সোধাত তেওঁ হৰক সিং ৰাৱটৰ নাম উল্লেখ কৰা বুলি দাবী কৰে। কিন্তু সন্তান জন্মৰ পিছত তেওঁৰ পৰা শিশুটিক আঁতৰাই নিয়া হৈছিল আৰু তেওঁক সন্তানটিক চাবলৈও দিয়া হোৱা নাছিল বুলি জেনীয়ে অভিযোগ কৰে। সেই সময়ত পিতৃত্ব নিশ্চিত কৰিবলৈ DNA পৰীক্ষা কৰা হৈছিল নেকি, সেই বিষয়েও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
নথিত স্বাক্ষৰ কৰোৱাৰ ক্ষেত্ৰতো অভিযোগ
জেনীয়ে দাবী কৰে যে সেই সময়ত তেওঁ হিন্দী আৰু ইংৰাজী ভাষা ভালদৰে বুজি পোৱা নাছিল। তথাপিও চৰকাৰী অধিবক্তাই বিভিন্ন নথি-পত্ৰত তেওঁৰ স্বাক্ষৰ গ্ৰহণ কৰিছিল। নথিসমূহৰ বিষয়বস্তু তেওঁক সঠিকভাৱে বুজাই দিয়া হোৱা নাছিল বুলি অভিযোগ কৰে জেনীয়ে। ইয়াৰ উপৰি, অধিবক্তাগৰাকীয়ে তেওঁৰ স্বাৰ্থৰ পৰিৱৰ্তে হৰক সিং ৰাৱটৰ স্বাৰ্থত কাম কৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। জেনীৰ মতে, আৰক্ষীৰ লোকসকলে তেওঁক ডেৰাডুনৰ পৰা উত্তৰ প্ৰদেশলৈ লৈ গৈছিল আৰু তাৰ পিছত অসমৰ শদিয়াত থকা তেওঁৰ ঘৰলৈ ঘূৰাই পঠিয়াইছিল। সেই সময়ত তেওঁক ভাবুকি দিয়া হৈছিল আৰু পুনৰ ঘূৰি নাযাবলৈ সকীয়াই দিয়া হৈছিল বুলিও দাবী কৰে।
দিল্লীলৈ মাতি নিয়াৰ অভিযোগ
জেনীয়ে আৰু কয় যে শদিয়ালৈ ঘূৰি অহাৰ পিছত তেওঁ হৰক সিং ৰাৱটৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিল। তাৰ পিছত তেওঁক দিল্লীলৈ মাতি নিয়া হৈছিল। দিল্লীত এজন চিনাকি লোকৰ বাসগৃহত প্ৰায় তিনি-চাৰি মাহ থকাৰ পিছত তেওঁক এখন হোটেললৈ স্থানান্তৰ কৰা হৈছিল বুলি দাবী কৰে।
পৰৱৰ্তী সময়ত পুত্ৰক বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ সময়ত পিতৃৰ নাম উল্লেখ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। সেই সময়তে পিতৃত্বৰ বিষয়টো পুনৰ চৰ্চালৈ আহে। জেনীৰ অভিযোগ অনুসৰি, এই বিষয়টো উত্থাপন কৰাৰ পিছৰে পৰা হৰক সিং ৰাৱটে তেওঁক এৰাই চলিবলৈ আৰম্ভ কৰে।
নতুনকৈ DNA পৰীক্ষা আৰু CBI তদন্তৰ দাবী
দীৰ্ঘদিন ধৰি ন্যায়ৰ অপেক্ষাত থকা জেনীয়ে এতিয়া পুত্ৰৰ জৈৱিক পিতৃত্ব নিশ্চিত কৰিবলৈ নতুনকৈ DNA পৰীক্ষা কৰাৰ দাবী জনাইছে। লগতে, সমগ্ৰ ঘটনাৰ সত্যতা পোহৰলৈ আনিবলৈ CBIৰ দ্বাৰা পুনৰ তদন্তৰ আহ্বান জনাইছে। জেনীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ এই দাবীৰ সৈতে কোনো ৰাজনৈতিক উদ্দেশ্য জড়িত নাই। পুত্ৰৰ প্ৰকৃত পৰিচয় প্ৰতিষ্ঠা কৰা আৰু ন্যায় লাভ কৰাটোৱেই তেওঁৰ একমাত্ৰ লক্ষ্য। সংবাদমেলত জেনীয়ে কয়, “মই মোৰ পুত্ৰৰ বাবে ন্যায় বিচাৰিছোঁ। তেওঁৰ পিতৃ কোন, সেই কথা জানিবলৈ তেওঁৰ অধিকাৰ আছে।”
জেনীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
এই ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শদিয়াৰ বাসিন্দা জেনীক সাক্ষাৎ কৰি তেওঁৰ সৈতে ন্যায়ৰ যুঁজত থিয় দিয়াৰ আশ্বাস প্ৰদান কৰে। সামাজিক মাধ্যম Xত জেনীৰ সৈতে সাক্ষাৎ কৰাৰ ফটো প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে লিখে যে উত্তৰাখণ্ডৰ হৰক সিং ৰাৱট নামৰ ব্যক্তিজনে জেনীৰ সৈতে কৰা বুলি অভিযোগ উঠা কাৰ্য অত্যন্ত ভুল আৰু নিন্দনীয়। এনে নিষ্ঠুৰতাৰ সন্মুখীন কোনো মহিলাই হ’ব নালাগে বুলিও তেওঁ উল্লেখ কৰে।
অভিযোগ অস্বীকাৰ হৰক সিং ৰাৱটৰ
ইফালে, জেনীয়ে উত্থাপন কৰা ধ*ৰ্ষণৰ অভিযোগ হৰক সিং ৰাৱটে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। তেওঁৰ মতে, বিজেপি আৰু উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে ৰাজনৈতিক উদ্দেশ্যৰে প্ৰায় দুই দশক পুৰণি এই বিষয়টো পুনৰ উত্থাপন কৰিছে। এতিয়া জেনীৰ নতুনকৈ DNA পৰীক্ষা আৰু CBI তদন্তৰ দাবীৰ পিছত এই ঘটনাই পুনৰ চৰ্চা লাভ কৰিছে। অভিযোগসমূহৰ সত্যতা আৰু পুত্ৰৰ পিতৃত্বৰ বিষয়টো আইনী প্ৰক্ৰিয়াৰ জৰিয়তে কেনেদৰে নিষ্পত্তি হয়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















