অসম লাইভ ২৪ঃ কোভিডৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে জাৰি কৰা SOPক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ ভোগালী বিহুৰ সময়তে জাৰি হোৱা SOPয়ে অসমীয়াৰ স্বাভিমানত আঘাট কৰাৰ অভিযোগ তুলিছে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱে৷ আনকি বিহুক ৰাজনীতিকৰণৰ অপচেষ্টা কৰাৰ অভিযোগে আনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে৷ মঙলবাৰে লখিমপুৰ চহৰৰ মাজমজিয়াত এক প্ৰতিবাদী সমদলো বাহিৰ কৰে যুৱ মঞ্চই৷ সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত চৰকাৰক চৰম সকীয়নি দি মঞ্চৰ নেতৃবৃন্দই কয়, ‘SOP নামানো, নামোনো, নামানো৷ ওৰে নিশা আমি ভেলা ঘৰত থাকিমেই৷’ নেতৃতবৃন্দই আৰু কয় যে ৩১ ডিচেম্বৰ পালনত বাধা নিদিয়া প্ৰশাসনে বিহুক লৈ যি নিৰ্দেশনা দিছে এয়া কোনো কাৰণতে মানি ল’ব নোৱাৰি৷ উল্লেখ্য যে চৰকাৰে নতুনকৈ জাৰি কৰা নিৰ্দেশনাত নিশা ১০ বজাৰ ভিতৰত ভেলাঘৰত উৰুকা সামৰাৰ বিষয়ে উল্লেখ কৰা হৈছিল৷
লখিমপুৰৰ পৰা জীৱন গোস্বামীৰ ৰিপ’ৰ্ট
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ