বাজেটত ভাগিনলৈ আহিল নতুন আঁচনি।
এতিয়াৰে পৰা ভাগিনেও লাভ কৰিব চৰকাৰী ধন।
মাহিলী ২৫০০ টকাকৈ লাভ কৰিব এজন ভাগিনে।
মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত প্ৰদান কৰা হব ধন।
অসমৰ চৰকাৰী বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ পৰা ২০২৫ বৰ্ষত স্নাতকলৈ এবছৰৰ বাবে মাহিলী ২৫০০ টকাকৈ দিয়া হব ধন।
ইয়াৰোপৰি জিলা আয়ুক্তৰ পৰামৰ্শমৰ্মে মাহিলী ২৫০০ টকাৰ পৰিবৰ্তে এককালীন ২৫০০০ টকাও আগবঢ়োৱা হব।
মৰমৰ ভাগিনৰ বাবে এই আঁচনি উৎসৰ্গা কৰা হৈছে।
ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰইয়ো লিংগ নিৰ্বিশেষে লাভ কৰিব ২৫০০০ টকা।
দিব্যাংগ শিক্ষাৰ্থীৰ বাবে এই ধনৰাশিৰ পৰিমান হব ৫০০০০ টকা।
এই সাহাৰ্য্য অৱশ্যে এককালীন সাহাৰ্য্য।
এই আঁচনিৰ ধন লাভ কৰিবলৈ আপুনি অসমৰ স্থায়ী বাসিন্দা হব লাগিব।
এই আঁচনিৰ বাবে বাজেটত ২৫ কোটি টকা ৰূপায়ণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















