অসম চৰকাৰৰ কৰ্মচাৰীৰ পেঞ্চন স্কিমক লৈ বাজেটত ডাঙৰ ঘোষণা।
কোনে কোনে লাভ কৰিব OPSৰ সুবিধা সেই সম্পৰ্কে স্পষ্টকৈ প্ৰকাশ বাজেটত।
২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰিব OPSৰ সুবিধা।
অৱশ্যে NPS তহবিলত জমা হোৱা চৰকাৰী ধন উভতাই দিব লাগিব কৰ্মচাৰীয়ে।
এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি অনুসৰণ কৰিব ৰাজ্য চৰকাৰে।
নতুন পেঞ্চন অঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব UPSৰ সুবিধা।
UPSপেঞ্চন নীতিয়ে সামৰি লব ৰাজ্যৰ ২.৮ লাখ কৰ্মচাৰীক।
অসম চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীয়ে লাভ কৰিব আয়ুষ্মান অসম, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা।
ৰাজ্যৰ চৰকাৰী হাস্পতাল, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন কেন্দ্ৰ, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নগদবিহিনী চিকিৎসা সেৱা লাভ কৰিব।
আশাকৰ্মী, ৰান্ধনী, অঙ্গনবড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ বিষয়কলৈয়ো বাজেটত আলোচনা।
এইসকল কৰ্মচাৰীৰ পাৰিতোষিক ১ অক্টোবৰৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত।
তেওঁলোকক এককালীন সাহাৰ্য্যও প্ৰদান কৰা হব।
নিৰ্দিষ্ট বেতন, মাষ্টাৰৰোলত কৰ্মৰত লোকে মাহিলী ঘৰভাড়াৰ ৫০শতাংশ চৰকাৰৰ পৰা লাভ কৰিব।
প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফট বিজলি যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক প্ৰদান কৰা হব ৰাজসাহাৰ্য্য।
প্ৰতি কিলোৱাটত ২০০০ টকাকৈ সৰ্বোচ্চ ৩ কিলোৱাটত ৬০০০ টকা পৰ্যন্ত ৰাজসাহাৰ্য্য প্ৰদান কৰা হব।
সৌৰ শক্তি চালিত বিদ্যুত আহৰণ ব্যৱস্থা গঢ়ি তোলা ৫০০০০ লোকৰ বাবে প্ৰথমে এই সুবিধা উপলব্ধ হব।
আপোন ঘৰ আঁচনিৰ অধীনত ৪০,০৫৮জন কৰ্মচাৰী আৰু আপোন বাহন আঁচনিৰ অধীনত ৩১৯০ জন কৰ্মচাৰীৰ সুদৰ হাৰত ৰেহাই দিয়া হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ