অসম লাইভ২৪: পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। টুকুৰা টুকুৰ অৱস্থাত উদ্ধাৰ মৃতদেহ! মৃত্যুৰ পূৰ্বেই মাতৃক কৈ গ’ল, “সময় কম, হত্যা কৰিব মোক”।
উত্তৰ প্ৰদেশৰ গৌড়খপুৰৰ ৰেলপথত লামডিং হাতীভঙা ক’লনিৰ নিৱাসী টোটন দে’ নামৰ যুৱকজনৰ ৰহস্যজনকভাৱে টুকুৰা টুকুৰ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ। ঘটনা অনুসৰি ট্ৰেইনৰ এ চি ডবাত কৰ্মৰত আছিল লামডিঙৰ যুৱক টোটন দে।
১ মাৰ্চৰ নিশা লামডিঙৰ পৰা ডিব্ৰুগড় আৰু ডিব্ৰুগড়ৰৰ পৰা ডিব্ৰুগড়-গৌড়খপুৰ হ’লি স্পেচিয়েল ৰেলেৰে যাত্ৰা আৰম্ভ কৰিছিলে যুৱকজনে ৷ যুৱকজনক ৰে’লৰ ভিতৰত হত্যা কৰি উত্তৰ প্ৰদেশৰ গৌড়খপুৰৰ ষ্টেচনৰ ৰেল লাইনত পেলাই দিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ।
উল্লেখ্য যে মৃত্যুৰ পূৰ্বেই মাতৃৰ সৈতে ফোনযোগে শেষবাৰলৈ কথা হৈছিল টোটনৰ। যুৱকজনে মাতৃক ফোনত জনাইছিল হত্যাৰ ষড়যন্ত্ৰৰ কথা। জানিব পৰা অনুসৰি, ডিব্ৰুগড়ৰৰ বিমান নামৰ এজন ঠিকাদাৰ নেতৃত্বত কাম কৰিবলৈ গৈছিল দলটো ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ