বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৫-২০২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট।
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট উত্থাপন কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগৰ।
বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কৃতজ্ঞতা।
১৫৫৪২৮.৭৫ কোটিৰ এই বাজেট উত্থাপন কৰি কেইবাটাও ডাঙৰ ঘোষণা বিত্তমন্ত্ৰীৰ।
শীঘ্ৰেই আহি আছে অৰুণোদয় ৩.০।
অৰুণোদয়ৰ হিতাধীকাৰীৰ সংখ্যা বৃদ্ধি কৰা হব ৰাজ্যত।
অৰুণোদয় ৩.০ ই সামৰি লব ৩৭. ২ লাখ হিতাধীকাৰীক।
মুখ্যমন্ত্ৰী মহিলা উদ্যোমিতা আঁচনিৰ অধীনতো বৃদ্ধি কৰা হব হিতাধীকাৰীৰ সংখ্যা।
১০,০০০ টকা উদ্যমিতা পুঁজি আগবঢ়াই গ্ৰাম্যাঞ্চলৰ ৩০ লাখ আত্মসহায়ত গোট আৰু নগৰাঞ্চলৰ ২ লাখ আত্মসহায়ক গোটৰ সদস্যক আদৰি লোৱা হব।
২০২৫ৰ ১ এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিৰ শুভাৰম্ভ কৰা হব।
এই আঁচনিৰ বাবদ অসম চৰকাৰে ব্যয় কৰিব ৩০,৩৮ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















