• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
himanta biswa sharma

প্ৰসংগঃ উপ-নিৰ্বাচন

5 years ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

57 minutes ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

2 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

3 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

4 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

4 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

4 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

5 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

6 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

6 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

7 hours ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

7 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

প্ৰসংগঃ উপ-নিৰ্বাচন

দেখা-নেদেখা পৰিচালক

editor by editor
October 22, 2021
in অসম, গুৱাহাটী, ৰাজনীতি, লেখা
0
himanta biswa sharma
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

                                                                                                              প্ৰসংগঃ উপ-নিৰ্বাচন

                                                                                                           দেখা-নেদেখা পৰিচালক

                                                                                                                                                                              কিশোৰ কুমাৰ কলিতা

১৯৯৮ চনত সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয় হোৱা এখন ছবি আছিল ‘দ্যা ট্ৰুমেল শ্ব’ (The Trueman Show)৷ স্কট ৰাডিন প্ৰযোজিত আৰু পিটাৰ ওৱেৰ পৰিচালিত এই ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছিল প্ৰখ্যাত অভিনেতা জিম কেৰিয়ে৷ ট্ৰু’মেন বাৰবেংক শীৰ্ষক নাম ভূমিকাত অভিনয় কৰি অভিনেতা জিম কেৰিয়ে কেৱল অনবদ্য অভিনয় শৈলীকে প্ৰতিষ্ঠিত কৰা নাছিল, লগতে প্ৰতিষ্ঠা কৰিছিল আমাৰ অলক্ষিতে ঘটিব পৰা বা ঘটি থকা এক ডিজিটেল পৰিঘটনা৷ চলচ্চিত্ৰখনৰ কাহিনীটো আছিল এনেধৰণৰঃ ছবিখনৰ মূল চৰিত্ৰটোক কেন্দ্ৰ কৰি তেওঁৰ জন্মৰে পৰা দিনটোৰ ২৪ ঘণ্টাই এখন টিভি ধাৰাবাহিক সম্প্ৰচাৰিত হৈ আছে৷ ট্ৰুমেনৰ জন্ম, তেওঁৰ পিতৃ-মাতৃ, শৈশৱ আদি সকলো পৰিচালকৰ নিৰ্দেশ আৰু ধাৰাবাহিকখনৰ চিত্ৰনাট্য অনুযায়ী সংঘটিত হৈ আছে৷ ট্ৰুমেনৰ প্ৰেম, ভালপোৱা, বিবাহ আদি সকলো সংঘটিত হৈছিল চিত্ৰনাট্য অনুযায়ী৷ ধাৰাবাহিকখন চোৱা সকলো দৰ্শকে জানে যে ট্ৰুমেন বাৰবেংক নামৰ যিটো চৰিত্ৰ অংকন কৰা হৈছে সেয়া ধাৰাবাহিকখনৰ স্বাৰ্থত জন্ম দিয়া৷ ট্ৰুমেনৰ জীৱন পৰিক্ৰমা পৰিচালকৰ নিৰ্দেশত চলি আছে৷ এখন লাইভ ধাৰাবাহিক লাখ-লাখ জনতাই উপভোগ কৰিছে৷ গোপনে, সকলোৰে অলক্ষিত সংস্থাপিত কৰা হাজাৰ-বিজাৰ কেমেৰাৰ জৰিয়তে ট্ৰুমেনৰ জীৱনৰ প্ৰতিটো দৃশ্য টিভিত প্ৰতিফলিত হৈছে৷ ট্ৰুমেনৰ দুখত দৰ্শক দুখী হৈছে, তেওঁৰ শোকৰ সমভাগী হৈছে৷ সকলোৱে জানে, অথচ ট্ৰুমেনে নাজনে যে তেওঁৰ গোটেই জীৱনটো এখম লাইভ ধাৰাবাহিকৰ স্বাৰ্থত গঢ়া এক কৃত্ৰিম জীৱন৷ মাক-দেউতাক আছে অথচ তেওঁলোক ধাৰাবাহিকখনৰ স্বাৰ্থতহে মাক-দেউতাক৷ মনৰ দুখত যিখন সাগৰৰ আগত ট্ৰুমেনে অস্তমিত সূৰ্য চায়, সেই সাগৰখনো ধাৰাবাহিকখনৰ বাবে কৃত্ৰিতভাৱে সৃষ্টি কৰা এখন সাগৰ৷ যিটো সূৰ্যলৈ চাই ট্ৰুমেন আত্মবিভোৰ হৈ পৰে সেইটোও এটা বৃহৎ কৃত্ৰিম লাইট৷

অৱশেষত এক আৱদ্ধ, পৰিচালক নিৰ্দেশিত কৃত্ৰিম জীৱনৰ প্ৰতি প্ৰায় সকলো দৰ্শকৰ সহানুভূতি জাগিল৷ দৰ্শকসকলে বিচাৰিলে ট্ৰুমেনে ‘ধাৰাবাহিক’ৰ পৃথিৱীখনৰপৰা ওলাই আহক৷ ওলাই আহি মুখামুখি হওক প্ৰকৃত জীৱনৰ সৈতে৷ আৰু শেহত সেইটোৱেই হ’ল৷ পৰিচালকৰ সকলো চল-চাতুৰি ধৰা পেলাই এদিন ট্ৰুমেন ‘ট্ৰুমেন শ্ব’ৰ পৰা ওলাই আহিল৷

জিম কেৰি অভিনীত এই ছবিখন হয়তো সৰহভাগ পাঠকে চোৱাৰ সুযোগ পাইছে৷ কেৱল এক বিশেষ ৰাজনৈতিক প্ৰসংগৰ বাবেহে ছবিখনৰ কতা ইয়াত উনুকিয়াবলৈ বিচাৰিছো৷ বিগত প্ৰায় দুটা বছৰত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনতো কিছুমান ঘটনা-পৰিঘটনা সংঘটিত হৈছে যিবোৰ যেন কোনো অদৃশ্য শক্তিৰ প্ৰত্যক্ষ নিৰ্দেশত সংঘটিত হৈছে৷ এনে ঘটনা-পৰিঘটনা যিসকল বা যাৰ নিৰ্দেশত হৈছে তাক বা তেওঁলোকক যেন আমি সকলোৱে জানো, চিনো অথচ নিচিনো বা নাজানো৷ আহক সঠিকভাৱে বুজিবলৈ আমি ঘটনা বা পৰিঘটনাসমূহৰ প্লটবোৰত পুনঃ এবাৰ ভুমুকি মাৰি চাও৷

প্ৰথম দৃশ্যপটঃ অগ্নিদ্বীপ্ত আন্দোলনঃ

কা আন্দোলনৰ দৃশ্যাৱলীলৈ মন কৰক৷ ২০১৯ চনৰ ৯ ডিচেম্বৰত ভাৰতবৰ্ষৰ নিম্ন সদনত নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত হয়৷ লোকসভাত কেব গৃহীত হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন মাত্ৰাৰ, বিভিন্ন প্ৰজাতিৰ বজ্ৰ নিনাদ আৰম্ভ হৈ গ’ল৷ গাওঁ-চহৰ, নগৰ-মহানগৰ, বিদ্যালয়-বিশ্ববিদ্যালয় আদি সকলোৰে পৰা ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি জয় আই অসম ধ্বনিৰে অসম কঁপাই বিজেপি আৰু আৰ এছ এছ হুচিয়াৰ ধ্বনি দিলে৷ অসমৰ সিল্পী সমাজ, দৰ্শক শ্ৰোতা আদি সকলোৱে জাতীয়তাবাদী মনোভাৱেৰে সমদলে, সমস্বৰে ‘কেব’ বিৰোধী আন্দোলনত জপিয়াই পৰিল৷ এগৰাকী অভিনেতাই ৰাজহুৱাভাৱে বিবৃতি জাৰি কৰিলে- ‘‘ৰাইজৰ  মৰম- আশীৰ্বাদপুষ্ট এগৰাকী শিল্পী হিচাপে অসম আৰু অসমীয়াৰ প্ৰতিটো সংকটৰ মুহুৰ্তত আমি আমাৰ সৰ্বস্ব ত্যাগ কৰিবলৈ আজিও সাজু আছোঁ আৰু ভৱিষ্যতেও সাজু থাকিম৷’’ আৱেগৰ ঊৰ্দ্ধত জাতীয় স্বাৰ্থক স্থান দি তেওঁ পুনৰ কয় যে অসমবাসীয়ে যিহেতু ‘কেব’ৰ বিৰোধীতা কৰিছে, গতিকে জাতিৰ বৃহত্তৰ স্বাৰ্থত তেখেতেও বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধীতা কৰিছে৷ ইয়াৰ পিছতে সমগ্ৰ অসমজুৰি কা বিৰোধী আন্দোলনটি এক জাতীয় অন্দোলনলৈ ৰূপান্তৰিত হ’ল৷ ১২ ডিচেম্বৰত চৰকাৰে জাৰি কৰা সান্ধ্য আইন আৰু সেনাৰ ফ্লেগমাৰ্চ ওফৰাই গুৱাহাটীৰ লতাশিল খেলপথাৰত শতসহস্ৰ প্ৰতিবাদী জনতা মিলিত হয়৷ একেদৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত ক্ৰোধান্বিত জনতাই প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি সান্ধ্য আইন ওফৰাই পেলায় আরু নিৰবিচ্চিন্নবাৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ প্ৰায় সমগ্ৰ অসমতে ‘কা’ বিৰোধী আন্দোলনে একভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ লয় আৰু অসমৰ গাঁৱে- ভূৱে, নগৰে-চহৰে জনতাই বিভিন্ন ৰূপত এই আন্দোলন ধাৰাবাহিকভাৱে চলাই নিবলৈ ধৰিলে৷ এই আন্দোলনত অংশগ্ৰহণ কৰি দীপাঞ্জৱ দাস(১৯), ছেম ষ্টেফোৰ্ড(১৭), ঈশ্বৰ নায়ক(২৫), আব্দুল আমিন(২৩) আৰু আজিজুল হক নামৰ ৫জন লোক আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ গুলীত মৃত্যুমুখত পৰে৷ অগ্নিময় এই পৰিবেশৰ পাছতে আৰম্ভ হৈছিল ‘কা’ বিৰোধী আন্দোলনক ক্ৰমান্বয়ে দুৰ্বল কৰি আমি এক প্ৰশমিত পৰিবেশ গঢ় দিয়া প্ৰক্ৰিয়া৷

দ্বিতীয় দৃশ্যপটঃ প্ৰশমন পৰ্বঃ

ৰাজ্যসভাত আইনখন উত্থাপন কৰি অমিত শ্বাহে অসমৰ জনতাক আশ্বাস দিয়াৰ উদ্দেশ্যে কৈছিল যে অসমৰ মানুহে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ বিষয়ত ভয় খাবলগীয়া একো নাই৷ কেব উত্থাপন কৰি দিয়া ভাষণত গৃহমন্ত্ৰীজনে অসমবাসীক এনেদৰে আশ্বাস দিছিল – ‘১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তিৰ প্ৰস্তাৱমৰ্মে ৰাজ্যখনৰ খিলঞ্জীয়ালোকৰ সংস্কৃতি, ভাষা আদি সুৰক্ষিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে এতিয়া অসম চুক্তি ছয় নম্বৰ দফা সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ এখম কমিটী গঠন কৰিছে৷ বিগত ৩৫ বছৰ ধৰি কিন্তু কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ কমিটী গঠন কৰা নাছিল আৰু সমস্যা সমাধানৰ কোনো ব্যৱস্থাই হাতত লোৱা নাছিল৷ আজি মই ছয় নম্বৰ দফা কমিটীক আহ্বান জনাইছো যাতে তেওঁলোকে প্ৰতিবেদন শীঘ্ৰেই আমালৈ প্ৰেৰণ কৰে’৷ ২০২০ৰ ২৫ ফেব্ৰুৱাৰীত উচ্চ স্তৰীয় সমিতিৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হৈছিল৷ প্ৰতিবেদন লাভৰ পাছত ভাৰত চৰকাৰে টু শব্দ এটাও প্ৰকাশ নকৰাত ২০২০ৰ ১১ আগষ্টত সদৌ অসম ছাত্ৰ সন্থাই কমিটীৰ প্ৰতিবেদনখন ৰাজহুৱা কৰে৷ এই প্ৰতিবেদন ৰাজহুৱা কৰাৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰি তদানীন্তন আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে সংবাদমেলত কৈছিল-‘‘কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিল প্ৰতিবেদন পোৱাৰ এসপ্তাহৰ ভিতৰত ৰূপায়ন কৰিব৷ পিছে তেওঁ গ্ৰহণেই নকৰিলে৷ ১০-১৫ ফেব্ৰুৱাৰীলৈ ৰ’বলগীয়া হ’ল প্ৰতিবেদন কাক জমা দিয়া হ’ব এই প্ৰশ্নকলৈ৷ প্ৰতিবেদন কাৰ জিম্মাত আছে কোনেও নাজানে৷ অথচ চৰকাৰ, দলৰ একাংশৰ হাতত পৰিল প্ৰতিবেদন৷’’

অসমীয়াক সুৰক্ষিত কৰাৰ নামত এনেধৰণৰ নাটক বহু চলিল যদিও কোনো অদৃশ্য শক্তিৰ নিৰ্দেশত শাসকীয় দলৰ কোনো ক্ষতি নহ’ল৷ বৰং ‘কেব’ আৰু ‘কা’ৰ দুৰ্ঘোৰ বিৰোধীতাৰে অসমৰ আকাশ-বতাহ কঁপাই দিয়া অসমবাসীয়ে দুগুণ উছাহেৰে লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপিক অধিক শক্তিশালী কৰি তুলিলে৷ নিৰ্বাচনত জয় লাভ কৰাৰ পাছত দলটোৰ ফালৰ পৰা ঘোষণা দিয়া হ’ল যে অসমৰ সাধাৰণ জনতাই মনে-প্ৰাণে ‘কা’ সমৰ্থন কৰে বাবেহে বিজেপিক পুনৰ জয়ী কৰিলে৷ অসম বিৰোধী অপশক্তিবোৰেহে ‘কা’ বিৰোধী আন্দোলনত নেতৃত্ব প্ৰদান কৰিছিল৷

তৃতীয় দৃশ্যপটঃ অনৈক্যই সাফল্যই মূল চাবিকাঠিঃ

২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰয়োজন আছিল বিৰোধী দলবোৰ একেলগে হোৱা আৰু সৰ্বশক্তিৰে বিজেপি দলৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱা৷ পিছে পৰিচালকৰ পৰা নিৰ্দেশ আহিল যে উমৈহতীয়া প্ৰাৰ্থীৰ ঠাইত বিৰোধীৰ মাজত ভাগ-বটৰোৱা হওক আৰু ভোট বিভাজনৰ স্বাৰ্থত বিৰোধীৰ মাজতে সুকীয়া সুকীয়া প্ৰাৰ্থীৰ সৃষ্টি কৰা যাওক৷ পৰিচালকৰ নিৰ্দেশ অনুযায়ীয়ে অসমৰ যিবোৰ সমষ্টিত বিৰোধী দলে সমূহীয়াভাৱে যুঁজ দিলে জয়ী হোৱাৰ সম্ভৱনা প্ৰৱল আছিল তাত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট, অখিল গগাৰ সমৰ্থক বাহিনী আৰু অসম জাতীয় পৰিষদৰ পৰা সুকীয়া সুকীয়াকৈ প্ৰাৰ্থী থিয় কৰোৱা হ’ল যাতে পৰিচালকৰ ইচ্ছানুসৰি বিজেপি বা মিত্ৰজোঁটৰ প্ৰাৰ্থীজন নিৰ্বিঘ্নে জয়লাভ কৰিব পাৰে৷ ইয়াৰ লগে লগে আৰম্ভ হ’ল সৰ্বাত্মক ৰাজবন্দনা তথা ওভটনি  যাত্ৰা৷ পূৰ্বে উল্লিখিত অভিনেতাজনে বিজেপি ত্যাগ কৰা মহাপাপৰ বাবে অনুশোচনাত দগ্ধ হ’ল আৰু পুনৰ হৰ্ষোল্লাসৰ মাজত দলটোত যোগদান কৰিলে৷

অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখন গঠন হোৱাৰ পাছত ৰাজবন্দনাৰ মাত্ৰা ইমানেই বৃদ্ধি পাইছে যে অহা তিনি-চাৰি বছৰৰ পিছত অসমত যে চৰকাৰৰ বিৰুদ্ধে কোনোবাই সমালোচনামূলক কথা ক’ব বা চৰকাৰী আঁচনিৰ বিৰুদ্ধাচৰণ কৰিব তাক ভাবিবলৈ টান৷ সমাগত উপ-নিৰ্বাচনত  অসমৰ তথাকথিত সমূহ বিৰোধী শক্তিয়ে বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ যেনেদৰে কৌশলী প্ৰচেষ্টা হাতত লৈছে আৰু বিজেপি বিৰোধী ভোট ভাগ ভাগ কৰাত সৰ্বান্তকৰণে সহায়ৰ হাত আগবঢ়াইছে তাকে দেখি আমি নিশ্চিত যে দেখা-অদেখা পৰিচালকসকলৰ কৃপাত আমি অতি  কমদিনৰ ভিতৰত এখন বিৰোধীশূন্য পৰিচালক বা পৰিচালকসকলৰ নিৰ্দেশত চলি থকা ৰাজনৈতিক ধাৰাবাহিকখনৰ একো একোজন মুক অভিনেতা-অভিনেত্ৰী হৈ পৰিম৷

লেখকৰ ইমেইলঃ kishorassam@gmail.com

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24by-election assamhimanta biswa sharmakishor kumar kalita
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান
অপৰাধ

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
Next Post
missile pinaka

ভাৰত-চীন সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত সাজু অত্যধুনিক ভাৰতীয় মিছাইল ‘পিনাকা’

nagen saikia

বৰাকক পৃথকৰ দাবী বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.