৩ শ্ৰমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে উমৰাংছুত সেনাৰ টাস্ক ফ’ৰ্চ
ডিমা হাছাও জিলাৰ উমৰাংছু অঞ্চলৰ কয়লাখনিত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাই সাহায্য টাস্ক ফ’ৰ্চ মোতায়েন কৰিছে। মঙলবাৰে এই তথ্য প্ৰদান কৰে বিষয়াসকলে। আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেনাবাহিনীৰ সহায় বিচাৰিছিল।
সেনাবাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, ‘অসমৰ ডিমা হাছাও জিলাৰ দুৰ্গম ঔদ্যোগিক চহৰ উমৰাংছুত আৱদ্ধ শ্ৰমিক সকলক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাই সাহায্য টাস্ক ফ’ৰ্চ মোতায়েন কৰিছে।
টাস্ক ফ’ৰ্চ ডাইভাৰ, চেপাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰে সজ্জিত। ভাৰতীয় সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াসকলো অসামৰিক প্ৰশাসনৰ সৈতে সমন্বয় স্থাপন কৰি আৱদ্ধ শ্ৰমিকসকলক যিমান পাৰি সোনকালে উদ্ধাৰৰ বাবে উপস্থিত হৈছে বুলি কোৱাৰ লগতে, কয় যে সাহায্য টাস্ক ফ’ৰ্চত ডুবাৰু, চেপাৰ আৰু অন্যান্য প্ৰাসংগিক কৰ্মীসকলো আছে, যাৰ হাতত প্ৰয়োজনীয় সা-সৰঞ্জাম আদিয়ো আছে।
কিন্তু উদ্ধাৰ কাৰ্য কঠিন হৈ পৰিছে। ১০০ ফুটলৈ বৃদ্ধি পাইছে পানীৰ স্তৰ। সেই পানীতেও উপঙি উঠিছিল আজি ৩ শ্ৰমিকৰ নিথৰ দেহ।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে উমৰাংছু অঞ্চলৰ কয়লা খনিটোত আবদ্ধ হৈ থকা ৯ জন শ্ৰমিক চিনাক্ত কৰা হৈছে। খনিটোত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে ৰাজ্য প্ৰশাসন আৰু আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি কয়লা খনিটোত আবদ্ধ হৈ থকা ৯ জন শ্ৰমিকৰ ভিতৰত এজন নেপালৰ নাগৰিক, এজন পশ্চিম বংগৰ আৰু বাকীসকল অসমৰ বিভিন্ন অঞ্চলৰ।
শ্ৰমিক সকলৰ নাম – গংগা বাহাদুৰ শ্ৰেষ্ঠ, হুছেইন আলী, জাকিৰ হুছেইন, সৰ্পা বৰ্মন, মুস্তাফা শ্বেইখ, খুছি মোহন ৰায়, সঞ্জীত সৰকাৰ, লিজান মাগৰ আৰু শৰৎ গয়ৰী।
কিন্তু ইয়াৰে ৩ গৰাকী শ্ৰমিকৰ আজি মৃতদেহ উপঙি উঠে। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা তিনি শ্ৰমিক হুছেইন আলী, মুস্তাফা শ্বেইখ আৰু জাকিৰ হুছেইন বুলি চিনাক্ত।
ইয়াৰে হুছেইন আলী আৰু মুস্তাফা শ্বেইখৰ ঘৰ দৰং জিলাৰ বগৰীবাৰীত। দুয়ো এসপ্তাহৰ পূৰ্বে নিয়োজিত হৈছিল উমৰাংছ কয়লা খনিত কামৰ বাবে।
আনহাতে এতিয়া অবৈধ খননৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী। অবৈধ খনন ৰোধৰ বাবে জাৰি কৰিছে কঠোৰ নিৰ্দেশনাও। খননত জড়িত পুনিছ নুনিচাক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত ২/২০০৫ নং গোচৰ ৰুজু।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ