• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বান নিয়ন্ত্ৰণৰ নামত আৰু কিমান আঁচনি-প্ৰকল্প তৈয়াৰ হ’ব?

বান নিয়ন্ত্ৰণৰ নামত আৰু কিমান আঁচনি-প্ৰকল্প তৈয়াৰ হ’ব?

6 years ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

11 minutes ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

41 minutes ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

2 hours ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

2 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

3 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

14 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

14 hours ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

15 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

16 hours ago
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

16 hours ago
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

বান নিয়ন্ত্ৰণৰ নামত আৰু কিমান আঁচনি-প্ৰকল্প তৈয়াৰ হ’ব?

তেতিয়াৰ বানপানী আৰু এতিয়াৰ বানপানী

editor by editor
July 16, 2020
in লেখা
0
বান নিয়ন্ত্ৰণৰ নামত আৰু কিমান আঁচনি-প্ৰকল্প তৈয়াৰ হ’ব?
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কালি গধূলি ব’ম্বেৰ পৰা ফৈয়া দা-চূজাই অসমৰ বানপানীৰ বিষয়ে আলোচনা কৰিবলৈ কেইজনমান মানুহৰ লগত জুমৰ যোগেদি কথা পাতিছিল৷ মোকো তেওঁলোকে লৈছিল৷ মোৰ লগত যোগাযোগটো কৰি দিছিল ৰিনুস্মৃতাই৷ বিষয়টো আছিল বানপানী৷ আলোচনাত  বান সাহায্যৰ কাম কৰা বেচৰকাৰী সংগঠন কেইটামানৰ প্ৰতিনিধিৰ লগতে মোত বাহিৰে অসমৰ পৰা আছিল সুশান্ত তালুকদাৰ আৰু শ্যামকানু মহন্ত৷ অসমৰ বানপানীৰ বিষয়ে আলোচনা কৰিবলৈ কিবা নতুন কথা আছেনে? সেই একেই কথা নহয় জানো? ইমান হাজাৰ গাঁও ক্ষতিগ্ৰস্ত হৈছে, ইমান লাখ মানুহ বানৰ কবলত পৰিছে, ইমান সা-সম্পত্তি, ঘৰ-দুৱাৰ,  খেতি-পথাৰ বানত নষ্ট হৈছে৷ কিমান পোহনীয়া জীৱ-জন্তু, গৰু-ম’হ বানত উটি গৈছে! কাজিৰঙাৰ কিমান ক্ষতি হৈছে, ইত্যাদি ইত্যাদি৷ প্ৰতিবছৰে বাৰিষা আমি বাতৰি কাকত আৰু টেলিভিচনত এই বাতৰিবোৰ পাই থকা নাইনে? এইবোৰ আমাৰ কাৰণে একঘেঁয়ে খবৰ নহয়নে?

আচলতে বানপানীত দুটা কথা হয়- এটা বিপদ আৰু আনটো সুযোগ৷ যিবোৰ ঠাইত বানপানী হয়, আমি নিজে ভুক্তভোগী নহ’লে কোনোপধ্যেই সেই ঠাইৰ মানুহবোৰৰ  দুখ-দুৰ্গতি বুজি নাপাওঁ৷ পোৱাটো অসম্ভৱ৷ আমাৰ কাৰণে বানপানী এটা আমনি লগা খবৰ৷ তেওঁলোকৰ কাৰণে বানপানী জীৱনৰ যাতনা৷ আমাৰ কাৰণে সেইবোৰ মাথোঁ পৰিসংখ্যা৷ তেওঁলোক নিজে সেই পৰিসংখ্যা৷ কিমান যুগ যুগ ধৰি অসমত চলি আহিছে এই বানপানী? আচলতে বানপানী আগতে চলচলীয়া আছিল৷ তলমল আছিল৷ তেতিয়া বানপানীয়ে ইমান তল-ওপৰ কৰা নাছিল৷ যেতিয়ালৈ প্ৰকৃতি অক্ষত আছিল তেতিয়ালৈ বানৰ উপদ্ৰৱ কম আছিল৷ ক’বলৈ গ’লে তেতিয়া বান বছৰীয়া উৎসৱৰ দৰে আছিল৷ ঢল আহিছিল৷ ঢল বাগৰি গৈছিল৷ পথাৰত পলশ পৰিছিল৷ মাছ-পুঠি চৌদিশে উভৈনদী হৈছিল৷ কিন্তু যেতিয়াই প্ৰকৃতিৰ ক্ষতি হ’বলৈ ধৰিলে, আমি উন্নয়নৰ ধ্বজা উৰুৱাবলৈ আৰম্ভ কৰিলোঁ, বানৰো বান্ধ ছিগিল৷ বান বলীয়া হ’বলৈ আৰম্ভ কৰিলে৷ আমি যিমানেই বানক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ, সিমানেই বান বেছিকৈ অনিয়ন্ত্ৰিত হ’বলৈ ধৰিলে৷ বানক আমি অবুজ, আৱতৰীয়াও কৰি পেলালোঁ৷ তেনে কৰি কৰি আমি এটা মহান আৱিষ্কাৰ কৰিলোঁ৷ হাৰে, বানচোন খীৰতী গাই, বানচোন সোণৰ কণী দিয়া হাঁহ! বানচোন এক সুবৰ্ণ সুযোগ! বানক লৈ কিমান সপোন দেখিব পাৰি! কিমান প্ৰকল্প তৈয়াৰ কৰিব পাৰি? বানক লৈ নতুন নতুন বিয়াগোম অনুষ্ঠান কৰিব পাৰি৷ কোটি কোটি টকাৰ আঁচনি প্ৰস্তুত কৰিব পাৰি৷ গতিকে বান আমি জীয়াই ৰাখিব লাগিব, যেনেতেনে প্ৰকাৰে বান জীয়াই থাকিব লাগিব৷ বান নহ’লেচোন সকলো শেষ হ’ব! গতিকে বান নিয়ন্ত্ৰণ নহয়, বান অনিয়ন্ত্ৰিত কৰি ৰাখিব লাগিব৷ তেতিয়াহে বাবুভায়াসকল, মন্ত্ৰী, এম এল এ, অভিযন্তা, ঠিকাদাৰৰ  ভঁৰাল ভৰিব৷

কালি মই এই কথাখিনিকে ক’লোঁ৷ মই ইমান নেতিবাচক আৰু নিৰুৎসাহী মানুহ নহওঁ৷ কিন্তু অসমৰ বান সমস্যাৰ সমাধানৰ বাবে আপুনি আজি উৎসাহেৰে কিবা কথা ক’ব পাৰিবনে?  নাই, নাই আমি অমুক কৰিম, আমি ভচুক কৰিম৷ আমি ইমান টকাৰ আঁচনি কৰিম৷ ইমান বছৰৰ ভিতৰত আমি অসমৰ বান সমস্যাৰ সমাধান কৰিম৷ আমি এনেকুৱা এখন সৰ্বঢাক আঁচনি তৈয়াৰ কৰিম! কোনোবাই এই কথাবোৰ ক’লে আপুনি মনোযোগেৰে শুনিবনে? সেই কথাবোৰ আপুনি গুৰুত্বসহকাৰে ল’বনে? পৰিস্থিতিটো এনেকুৱা যে আজি যদি আপুনি কাৰোবাৰ মুখত সেই কথাবোৰ শুনে, তেন্তে আপোনাৰ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ তৈয়াৰ কৰা আঁচনিখনলৈ মনত নপৰিবনে? মইতো ভাবোঁ, ইমানৰ পিছতো তেনে আঁচনিৰ কথা ক’বলৈ মানুহৰ দম লাগিব৷ আপোনাৰ মোৰ দৰে মানুহে তেনে কথা ক’ব নোৱাৰো কিন্তু! অঁ, এটা প্ৰজাতিয়ে পাৰিব৷ সেইটো হ’ল শাসকীয় ৰাজনীতি কৰা মানুহ৷ কিন্তু মনত ৰাখিব মানুহৰ দুখ-কষ্টবোৰ, ক্ষয়-ক্ষতিবোৰ বাস্তৱ৷ সেইবোৰ দেখিলে আপোনাৰ চকু চলচলীয়া হ’ব! তাতে এতিয়া এই ক’ৰোনাৰ সময়ত!

(পৰেশ মালাকাৰ ৰাজ‍্যৰ এগৰাকী জনপ্ৰিয় নিবন্ধকাৰ)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam floodassam live 24axom live 24Paresh Malakar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!
জীৱনশৈলী

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

August 3, 2026
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!
প্ৰযুক্তি

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

August 3, 2026
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!
জীৱনশৈলী

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

August 3, 2026
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!
জীৱনশৈলী

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

August 3, 2026
Next Post
বিহালীত অনশনত বহিল ‘কা’ বিৰোধী নেতা বিবেক দাস

বিহালীত অনশনত বহিল ‘কা’ বিৰোধী নেতা বিবেক দাস

অখিল গগৈৰ জামিন সন্দৰ্ভত কি ক’লে অধিবক্তাই?

অখিল গগৈৰ জামিন সন্দৰ্ভত কি ক'লে অধিবক্তাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.