ৰাজ্যৰ বিভিন্ন অঞ্চলত বিশেষকৈ জনবসতিপূৰ্ণ এলেকা, চহৰ আৰু গ্ৰামাঞ্চলত বান্দৰৰ উপদ্ৰৱে বহু লোকক সমস্যাত পেলাই আহিছে। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি খাদ্য সামগ্ৰী লৈ যোৱা, খেতিৰ ক্ষতি কৰা আৰু কেতিয়াবা মানুহক আক্ৰমণ কৰাৰ ঘটনাও সংঘটিত হৈ আহিছে।

বান্দৰৰ সংখ্যা অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পোৱাটো বহু অঞ্চলত এক ডাঙৰ সমস্যা হিচাপে দেখা দিছে। বনাঞ্চল সংকুচিত হোৱা আৰু খাদ্যৰ সন্ধানত বান্দৰ জনবসতিপূৰ্ণ এলেকালৈ ওলাই অহাৰ ফলত মানুহ আৰু বান্দৰৰ মাজত সংঘাত বৃদ্ধি পাইছে।

এনে পৰিস্থিতিত বান্দৰ হত্যা বা অন্য কোনো কঠোৰ পদ্ধতি গ্ৰহণৰ পৰিৱৰ্তে বন্ধ্যাকৰণৰ জৰিয়তে বান্দৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা চিন্তা কৰা হৈছে।

এই ক্ষেত্ৰত বিশেষজ্ঞসকলৰ মতে, এনে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি আৰু পশু কল্যাণৰ নিয়ম মানি চলাটো অতি গুৰুত্বপূৰ্ণ।

তথ্যনুসৰি, অসমত মানুহৰ দৰে বান্দৰৰো হ’ব লোকপিয়ল। যদিহে আপুনি বান্দৰ ধৰি চৰকাৰক গতাই দিয়ে, তেন্তে তাৰ বিনিময়ত আপুনি ধন লাভ কৰিব আৰু বন বিভাগে বন্ধ্যাকৰণ কৰিব।

অসমত বান্দৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে হিমাচল প্ৰদেশৰ আৰ্হিত বান্দৰৰ বন্ধ্যাকৰণ প্ৰকল্প হাতত লৈছে। বান্দৰৰ বন্ধ্যাকৰণৰ সন্দৰ্ভত অধ্যয়নৰ বাব হিমাচল প্ৰদেশলৈ গৈছিল অসমৰ ছয়গৰাকী বিধায়ক ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















