সমাগত দুৰ্গা পূজা। ধৰাৰ বুকুলৈ নামি আহিব শাৰদী ৰাণী। দুৰ্গা পূজা হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ উপাসনাৰ উৎসৱ।শৰাদীয় দুৰ্গা পূজাৰ পূৰ্বে সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন স্থানৰ পূজা মণ্ডত প্ৰস্তুতত ব্যস্ত হৈ পৰিছে ভক্তসকল।
দুৰ্গা পূজাত এইবাৰ সৰ্ববৃহৎ পূজা মণ্ডপ নিৰ্মাণ কৰি আছে গুৱাহাটীৰ বিষ্ণুপুৰত। বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে এইবাৰ ভক্তৰ বাবে এক অভিনৱ অভিজ্ঞতা আগবঢ়াবলৈ প্ৰস্তুতি চলাইছে। সাধাৰণ পূজা মণ্ডপৰ পৰিৱৰ্তে নাগলোকৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই বিশাল পূজা মণ্ডপটো।
মা দুৰ্গাক সেৱা কৰিবলৈ কৰিবলৈ আপুনি কৰিব লাগিব নৌকা বিহাৰ। বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে নিৰ্মাণ কৰি আছে ‘নাগলোক’ আৰ্হিত দুৰ্গা পূজা মণ্ডপ।

৮০ লাখ টকাৰ ব্যয় সাপেক্ষে চিমেণ্ট, ইটাৰে নিৰ্মাণ কৰা হৈছে এই মণ্ডপ। পূজা কমিটিৰ লক্ষ্য হৈছে কেৱল পূজা অনুষ্ঠিত কৰাই নহয়, ভক্ত আৰু দৰ্শনাৰ্থীক এক নতুন ধৰণৰ অভিজ্ঞতা প্ৰদান কৰা। মণ্ডপৰ বিশালতা আৰু নিৰ্মাণশৈলীয়ে এইবাৰ বিষ্ণুপুৰৰ দুৰ্গা পূজাক বিশেষ চৰ্চালৈ আনিব বুলি আশা কৰা হৈছে। পদ্মশ্ৰী নুৰুদ্দিন আহমেদৰ প্ৰচেষ্টাত নিৰ্মাণ হৈ আছে এই মণ্ডপ।

কিন্তু এয়াই নহয়, এই মণ্ডপৰ ভিতৰলৈ সহজে যাবলৈ আপুনি খৰচ কৰিব লাগিব গাঁঠিৰ ধন! কিয়নো বিষ্ণুপুৰৰ এই পূজাখনত এইবাৰ থাকিব এক বিশেষ আকৰ্ষণ। মাৰ আশীৰ্বাদৰ লগতে মণ্ডপৰ ভিতৰত যাবলৈ কাটিব লাগিব ১৯৯ টকাৰ টিকট। নাগলোকত প্ৰৱেশৰ বাবে BookMyShow-ৰ জৰিয়তে টিকট বুকিং কৰি ভক্তসকলে নাগলোকৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব।
উল্লেখ্য যে, সাধাৰণ লোকে ধন নিদিয়াকৈয়ে ভিতৰত সোমাব পাৰিব। কেৱল ধন দিয়েই চাব লাগিব তেনে নহয়!
( সাংবাদিক তুস্মিতা গগৈ প্ৰদান কৰা তথ্যৰ ভিত্তিত এই খবৰ লিখিছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















