ৰেচন কাৰ্ড, শিক্ষক, অৰুণোদয় লগতে ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত কেবিনেটৰ বিশেষ বৈঠক
অসম চৰকাৰৰ কেবিনেটৰ বিশেষ বৈঠক। আজি ১৩ ছেপ্টেম্বৰ শুকুৰবাৰে অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ। ৰেচন কাৰ্ড, শিক্ষকৰ চাকৰি, অৰুণোদয় লগতে ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
আজিৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি-
অৰুণোদয় ৩.০ আৰম্ভ হ’ব ছেপ্টেম্বৰ ১৯ তাৰিখে
১২.৬০ লাখ নতুন হিতাধিকাৰীৰ নাম সংলগ্ন হব
১০ জানুৱাৰীত অৰুণোদয়ৰ প্ৰথম কিস্তি
১৭ লাখ লোকৰলৈ ৰেচন কাৰ্ড
৪৯৬৯ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ
আত্মনিৰ্ভৰ অসমৰ ২৫,২৩৮ হিতাধিকাৰীক অনুমোদন
প্ৰত্যোক জিলাত হিতাধিকাৰীক প্ৰশিক্ষণ দিয়া হ’ব
ডাউন টাউনত ফ্লাইঅভাৰৰ বাবে ১১,১০০ কোটি
কোকৰাঝাৰৰ ষ্টেডিয়ামৰ বাবে ১০৭ কোটি অনুমোদন
৩ নৱেম্বৰত মুকলি হ’ব ধন
অটোমেটিক বাহন ইণ্ডাষ্ট্ৰীৰ প্ৰশিক্ষণহাৰ অসমত
দশাল কোম্পানীয়ে ২০০ কোটি বিনিয়োগ কৰিব
ট্ৰেডিং কেলেংকাৰীৰ ৩২ টা গোচৰৰ তদন্ত চিবিআইৰ হাতলৈ
এমাহৰ ভিতৰতে তদন্তৰ দায়িত্ব ল’ব চিবিআইয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ