আজিৰে পৰা ৰাজ্যত কোভিডৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ৷ দুবছৰৰ ব্যৱধানত আৰম্ভ স্বাভাৱিক জীৱন যাত্ৰা৷ বাধ্যতামূলক নহয় কোভিড টেষ্ট৷ বিমান বন্দৰ, ৰে’ল ষ্টেচনত কৰিব নালাগে কোভিড টেষ্ট৷ হাস্পতালৰ বহিঃবিভাগ, জৰুৰীকালীন সেৱাত কোভিড টেষ্ট বাধ্যতামূলক নহয়৷ লক্ষণ দেখা দিয়া ৰোগীক স্বেচ্ছাই পৰীক্ষা কৰোৱাৰ আহ্বান ৰাজ্য চৰকাৰৰ৷ চিকিৎসালয়ৰ বাহিৰে আন স্থানত ভেকিচন নোলোৱা লোকৰ প্ৰৱেশত বাধা৷
আজিৰে পৰা ৰাজ্যত আৰম্ভ শ্ৰেণীকোঠাৰ পাঠদান৷ প্ৰথম শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয়লৈ হ’ব পাঠদান৷ একোটা শ্ৰেণীৰ এটা শাখাত থাকিব নোৱাৰিব ৩০তকৈ অধিক শিক্ষাৰ্থী৷ খোল খাব সকলো স্তৰৰ হোষ্টেলসমূহ৷ ৰাজহুৱা অনুষ্ঠান, বিবাহৰ অভ্যৰ্থনা, মৃতকৰ সৎকাৰত নাথাকে বাধ্য-বাধকতা৷ ১০০ শতাংশ যাত্ৰীৰে চলিব যাত্ৰীবাহী বাহন৷ ১০০ শতাংশ দৰ্শকেৰে খুলিলে চিনেমা হল৷ থিয়েটাৰতো নাথাকি কোনো বাধা-নিষেধ৷
আজিৰ পৰা প্ৰত্যাহাৰ নৈশ সান্ধ্য আইন৷ বাধ্যতামূলক কোভিডৰ দুপালি প্ৰতিষেধক৷ মাস্ক, ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক৷ মাস্ক নিপিন্ধিলে ১০০০ টকাৰ জৰিমনা৷ ৰাজহুৱা স্থানত থু-পিক পেলালে ১০০০ টকাৰ জৰিমনা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ