অসম লাইভ ২৪: কৰ্ণাটকত সংঘটিত হৈছে এক আচৰিত কাণ্ড ৷ কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীৰ বেগত পোৱা গৈছে কণ্ডম, গৰ্ভনিৰোধক টেবলেটৰ লগতে চিগাৰেটৰ পেকেট ৷
যি ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ চহৰখন ৷ স্কুল পৰিচালনা সমিতিয়ে হঠাৎ শিক্ষাৰ্থীসকলৰ বেগ তালাচী কৰাত বেগৰ পৰা ওলাই কণ্ডম, গৰ্ভনিৰোধক টেবলেটৰ লগতে চিগাৰেটৰ পেকেট ৷
কৰ্ণাটকৰ এছ’চিয়েটেড মেনেজমেণ্ট অৱ স্কুলৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেগত পোৱা গৈছে এইসমূহ সামগ্ৰী ৷
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই শিক্ষাৰ্থীসকলে বিদ্যালয়ত মোবাইল ফোন ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছিল পৰিচালনা সমিতিয়ে ৷ পৰিচালনা সমিতিয়ে এদিন হঠাৎ শিক্ষাৰ্থী কেইজনৰ বেগ তালাচী কৰাত পোহৰলৈ আহিছে এই ঘটনা ৷
বিদ্যালয়খনৰ এই ঘটনাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই নিয়মীয়াকৈ তালাচী চলাইছে শিক্ষাৰ্থীসকলৰ বেগত ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ