অসম লাইভ ২৪ঃ মোদীৰ ৰাজ্যত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। গুজৰাটৰ মুঠ ১৮২ টা বিধানসভা সমষ্টিৰ ভিতৰত ১৯ খন জিলাৰ ৮৯ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত ইভিএমত বন্দী হ’ব ৭৮৮ জন প্ৰাৰ্থীৰ ভাগ্য। গুজৰাটৰ মুখ্য নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা ১৪,৩৮২ টা কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হৈছে। সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। মোদী-শ্বাহৰ ৰাজ্যৰ ৪ কোট ৯১ হাজাৰ ভোটাৰৰ মাজত প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিব ২ কোটি ৩৯ লাখ ভোটাৰে।
আনহাতে দ্বিতীয় পৰ্যায়ত উত্তৰ আৰু মধ্য গুজৰাটত ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ হ’ব আগন্তুক সোমবাৰে। প্রথম পৰ্যায়ত উল্লেখযোগ্য প্ৰাৰ্থীসমূহৰ মাজত আছে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা(জামনগৰ-উত্তৰ, বিজেপি), প্ৰাক্তন বিৰোধী দলনেতা পৰেশ ধনানী(অমৰেলী, কংগ্ৰেছ) ইপিনে আম আদমি পাৰ্টীয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা জনপ্ৰিয় টেলিভিচন এংকৰ ইছুদান গড়বীয়ে (খম্বালিয়া) সমষ্টিৰ পৰা প্ৰথম পৰ্যায়তে প্ৰতিদ্বন্দিতা কৰিছে।
উল্লেখ্য যে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৮৯ খন আসনৰ মাজত ৪৮ খন আসন বিজেপিৰ দখললৈ গৈছিল। কংগ্ৰেছে লাভ কৰিছিল ৪০ খন আসন। পৰবৰ্তীসময়ত বহুকেইজন কংগ্ৰেছী বিধায়কে আকৌ বিজেপিত যোগদান কৰিছিল। কিন্তু এইবাৰ যুদ্ধ ত্ৰিমুখী। কংগ্ৰেছ বিজেপিৰ সমান্তৰালভাৱে যুদ্ধত নামি পৰিছে অৰবিন্দ কেজৰীৱালৰ দল আপো। সম্প্ৰতি চুৰাটসহ কেইবাখনো চহৰত কংগ্ৰেছৰ পৰিবৰ্তে দ্বিতীয়স্থানত আছে আপ। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰে পৰা নিৰৱচ্ছিন্নভাৱে অৰবিন্দ কেজৰিৱালে গুজৰাটত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত গুজৰাটত ৯৯খন আসন লাভ কৰি পঞ্চমবাৰৰ বাবে গুজৰাটত ক্ষমতা দখল কৰিছিল বিজেপি দলে। কিন্তু ১৯৯০ চনৰ পাছত এই ভোটযুদ্ধতেই বিজেপিয়ে আটাইতকৈ কম আসন লাভ কৰিছিল। আনহাতে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনতেই অভিলেখ সৃষ্টি কৰি কংগ্ৰেছে লাভ কৰিছিল ৭৭ খন আসন। নিৰ্দলীয়ই লাভ কৰিছিল ৬খন আসন। কিন্তু এইবাৰ কি হ’ব? আপলৈ বহুতৰে চকু আছে যদিও ষষ্ঠবাৰৰ বাবে বিজেপিয়েই গুজৰাট দখল কৰিবই বুলি দাবী কৰিছে মোদী-শ্বাহৰ লগতে দেশৰ সমূহ গেৰুৱা শিবিৰেও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ