ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাই লিখিছিল, ‘‘এটোপ এটোপ কৰি ডাৱৰ পানী পৰি ভৰি গ’ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ …৷’’
এই কবিতাটোৰ সাৰকথা হাতে কামে প্ৰমাণ কৰিলে অসমৰ এগৰাকী যুৱকে৷ এটকা দুটকা কৰি জমা কৰি যোৱা খুচুৰা পইচা অৰ্থাৎ মুদ্ৰাৰে অসমৰ এজন যুৱকে এখন স্কুটি ক্ৰয় কৰিছে৷
বৰপেটা জিলাৰ হাউলীৰ অল্পনা নামৰ শ্ব’ৰুমৰ পৰা এজন লোকে জমা কৰি ৰখা এটকা, দুটকা আৰু পাঁচ টকাৰ খুচুৰা পইচাৰে এখন স্কুটি ক্ৰয় কৰিছে৷
হীৰকজ্যোতি দাস নামৰ এগৰাকী ইউটিউবাৰে এক ভিডিঅ’যোগে লোকজনে খুচুৰা পইচাৰে স্কুটী ক্ৰয় কৰাৰ দৃশ্য ভাইৰেল কৰিছে৷
কিন্তু হীৰকজ্যোতি দাস নামৰ ইউটিউবাৰজনে খুচুৰা পইচাৰে স্কুটী ক্ৰয় কৰা লোকজনৰ পৰিচয় লোৱা নাছিল৷ সেয়ে লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই৷
কিন্তু ভিডিঅ’টোত লোকজনে প্ৰায় চাৰি মাহ জমা কৰাৰ অন্তত এই জমা খুচুৰা পইচাৰে স্কুটীখন ক্ৰয় কৰাৰ কথা ভিডিঅ’টোত উল্লেখ কৰিছে৷
ইউটিউবাৰ হীৰকজ্যোতি দাসে তেওঁৰ এই ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰাৰ পিছতে ই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ