অসম লাইভ২৪ঃ
দিল্লীলৈ বহুদূৰ ভাৱি থাকোতেই অনুৰূপ ঘটনাই জোঁকাৰিছে ৰাজ্য।
পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত নৃশংস হত্যাকাণ্ডই জোঁকাৰিছে সমগ্ৰ ৰাজ্য।
স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টকুৰকৈ কাটি ফ্ৰীজত ভৰাই ৰাখি অৱশেষত মেঘালয়ৰ ভিন্ন স্থানত মৃতদেহ পেলাই দিছিল বোৱাৰীয়েক বন্দনা কলিতাই।
এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বন্দনাৰ পিতৃ কামিনী কলিতাই।
বন্দনা কলিতাই স্বামী আৰু শাহুক হত্যা কৰাৰ কথা জনা নাছিল পিতৃয়ে।
পিতৃয়ে এই হত্যাকাণ্ড সন্দৰ্ভত মত প্ৰকাশ কৰি কয়, ‘যদিহে মোৰ কন্যা দোষী, তেন্তে তাইক গুলীয়াই মাৰক।’
প্ৰায় দহ বছৰ পূৰ্বে অমৰজ্যোতিৰ লগত বিয়া হৈছিল বন্দনাৰ।
কিন্তু বৰ্তমান পিতৃগৃহতে আছিল বন্দনা৷
হত্যাকাণ্ডৰে পিতৃ-মাতৃ জড়িত নহয় বুলিও মন্তব্য পিতৃৰ।
৩দিন ফ্ৰীজত ৰাখি মৃতদেহৰ টুকুৰা পেলাই দিলে মেঘালয়ৰ ডাউকী আৰু চেৰাপুঞ্জীত।
প্ৰায় ছমাহ পূৰ্বে সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা।
অভিযোগ অনুসৰি, পৰকীয়া প্ৰেম আৰু ধনৰ লালসাতে বোৱাৰীয়েক বন্দনা কলিতাই এই ভয়ংকৰ হত্যাকাণ্ড।
পৰকীয়া প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰিছিল মহিলাগৰাকীয়ে।
২০২২ চনৰ আগষ্ট মাহত মাতৃ–পুত্ৰ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত এজাহাৰো দিছিল বোৱাৰীয়েক বন্দনাই।
তাৰ পিছতে তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে যদিও এই ঘটনাৰ কোনো ক্লু পোৱা নাছিল।
কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে পুনৰ এখন এজাহাৰ দাখিল কৰাৰ পাছতহে পোহৰলৈ সমগ্ৰ ঘটনা।
শাহুৱেকৰ একাউণ্টৰ পৰা কোনো লোকে ধন উলিওৱা বুলি এজাহাৰ দাখিল কৰিছিল বন্দনাই।
কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি এজাহাৰকাৰী বন্দনা কলিতাইহে একাউণ্টৰ পৰা উলিয়াইছিল ধন।
লগে লগে আৰক্ষীয়ে বন্দনা কলিতাক আটক কৰি জেৰা আৰম্ভ কৰে।
সেই জেৰাত পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনা।
বন্দনাৰ লগতে হত্যাকাণ্ডত সহযোগ কৰা পৰকীয়া প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
হত্যাৰ বলি হোৱা বন্দনাৰ স্বামীৰ নাম অমৰজ্যোতি দে’ আৰু শাহুৰ নাম শংকৰী দে’।
অভিযোগ মতে, দুয়োকে হত্যা কৰি বন্দনাই টুকুৰা–টুকুৰ কৰি কাটিছিল মৃতদেহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















