ডিজিটেল ডেস্কঃ- মাঘ বিহুৰ বতৰত অসমৰ কৃষিখণ্ডৰ পৰা আহিল এক আশাৰ বতৰা। পহিলা মাঘতে অসমৰ পৰা বিদেশলৈ ৰপ্তানি হ’ল ১হাজাৰ কেজি উৰহী। অসমৰ পথাৰত জৈৱিকভাৱে উতপাদিত এই উৰহীখিনি কৃষি বিভাগে লণ্ডনলৈ ৰুপ্তানি কৰে। এই সুখবৰটো কৃষিমন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে সকলোকে অৱগত কৰে।
কৃষিমন্ত্ৰীগৰাকীয়ে এই খবৰটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখে- ”পহিলা মাঘৰ দিনটোত আমাৰ কৃষি খণ্ডৰ বাবে এক অত্যন্ত সুখবৰ! শিৱসাগৰ জিলাৰপৰা দ্বিতীয়বাৰৰ বাবে বিদেশৰ বজাৰলৈ ১,০০০ কেজি উৰহীৰ ৰপ্তানি। অসমৰ কৃষক বন্ধুসকলৰ বাবে অতি উৎসাহজনক আৰু আনন্দৰ বতৰা যে- প্ৰথম পৰ্যায়ত ৫০০ কেজি উৰহী ৰপ্তানি কৰাৰ পাছত খুব কম সময়ৰ ভিতৰতে আজি দ্বিতীয়বাৰৰ বাবে শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ দিহিংপৰীয়া কৃষক উৎপাদক কোম্পানীৰ কৃষকসকলে উৎপাদন কৰা ১,০০০ কেজি উৰহী লণ্ডনৰ বজাৰলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ