ন কইনাৰ ৰূপত জানমণি, আজিৰে পৰা হৈ পৰিল শ্যামন্তিকা শৰ্মা বৰুৱা
অসমীয়া ছবিজগতৰ জানমণি খ্যাত অভিনেত্ৰী শ্যামন্তিকা আজি বিবাহ পাশত আৱদ্ধ হয়। আজিৰে পৰা শ্যামন্তিকা শৰ্মা হৈ পৰিল শ্যামন্তিকা শৰ্মা বৰুৱা।
গোলাঘাট নিবাসী বিশিষ্ট পৰিচালক তথা নাট্যকাৰ প্ৰয়াত মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল সকলোৰে মৰমৰ জানমণি।
আঙঠি আদান প্ৰদানৰ পাছতে বিবাহ পত্ৰত স্বাক্ষৰ কৰি ইজনে সিজনৰ হৈ পৰে।
আজি বিবাহ অনুষ্ঠান হোৱাৰ বিপৰীতে কালি বুধবাৰে মেহেন্দী অনুষ্ঠানৰ আয়োজন কৰিছিল।
কাজিৰঙাৰ বৰগছ ৰিজ’ৰ্টত বুধবাৰে সম্পন্ন হাছিল শ্যামন্তিকাৰ মেহেন্দী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















