• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান

‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান

3 months ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

1 hour ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

2 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

13 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

13 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

13 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

14 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

14 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

14 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

17 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

18 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

19 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান

ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি 'ছিমি'য়ে লাভ কৰিলে Honourable Mention সন্মান

editor by editor
June 12, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় এনিমেছন ছবি জগতলৈ সুখবৰ। ইতিমধ্যে বহু চুটি ছবিৰ জৰিয়তে  অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ড° পাৰ্থসাৰথি মহন্তই। এইবাৰ তেওঁৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত এনিমেটেড চুটি ছবি ‘ছিমি’এ ‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত শ্ৰেষ্ঠ চুটি ছবি শাখাত ‘অনাৰেব’ল মেনশ্যন’ (Honourable Mention) সন্মান লাভ কৰি আন এক খ্যাতি অৰ্জন কৰিছে।

এই সন্মানে এনিমেটেড চুটি ছবি জগতত “ছিমি”ৰ গৌৰৱময় যাত্ৰাক অধিক শক্তিশালী কৰি তুলিছে। ইতিমধ্যে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট সমাদৰ লাভ কৰিছে। ইয়াৰ পূৰ্বে এই চুটি ছবিখনে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰাৰ লগতে নিউয়ৰ্ক শ্বৰ্ট এনিমেছন ফেষ্টিভেলতো শ্ৰেষ্ঠ চুটি ছবি হিচাপে সন্মানিত হৈছিল। এনিমেটেড চুটি ছবিখনৰ এই সফলতাই অসমৰ পৰা নিৰ্মিত এক ব্যতিক্ৰমী শিল্পকৰ্মক বিশ্বজুৰি বিশেষ স্বীকৃতি প্ৰদান কৰিছে।

“ছিমি” হৈছে এখন এনিমেটেড চুটি ছবি, য’ত কাহিনী উপস্থাপনৰ কৌশল, অনুভূতি আৰু শিল্পসুলভ কল্পনাৰ এক সন্মোহিনী সমন্বয় পৰিলক্ষিত হয়। ড° পাৰ্থসাৰথি মহন্তৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মিত ছবিখনে এনিমেছনক এক শক্তিশালী মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিছে । ইয়াৰ জৰিয়তে ভৌগোলিক আৰু সাংস্কৃতিক পৰিসীমা অতিক্ৰম কৰি গভীৰ মানৱীয় কাহিনী উপস্থাপন কৰিছে।

এই চুটি ছবিখনৰ প্ৰযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই। তেওঁলোকৰ উৎসাহ , সহযোগিতা তথা সৃষ্টিশীল চিন্তাধাৰাৰ ফলশ্ৰুতিতে ‘ছিমি’ আন্তঃৰাষ্ট্ৰীয় মঞ্চত এখন সমাদৃত আৰু সফল চলচ্চিত্ৰ হিচাপে জিলিকি উঠিছে।

এই আন্তৰ্জাতিক স্বীকৃতি সন্দৰ্ভত ‘ছিমি’ৰ পৰিচালক ড° পাৰ্থসাৰথি মহন্তই দৰ্শক, বিচাৰক আৰু ছবিখনৰ সৈতে জড়িত কলা- কুশলী সকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয় যে, এনে সন্মানে এই চৌদিশে সৃষ্টি হোৱা অৰ্থপূৰ্ণ কাহিনীৰ প্ৰতি বিশ্বব্যাপী আগ্ৰহ আৰু সমাদৰ বৃদ্ধি পোৱাৰ দিশটো পুনৰ নিশ্চিত কৰিছে আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক নতুন নতুন সৃষ্টিৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰিছে।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহত “ছিমি”ৰ ধাৰাবাহিক সফলতা কেৱল ছবি নিৰ্মাতাৰ বাবেই নহয়, অসমৰ সৃষ্টিশীল সমাজখনৰ বাবেও গৌৰৱৰ বিষয়। ইয়াৰ জৰিয়তে আঞ্চলিক প্ৰতিভাই নিজৰ মৌলিকতা, সত্যতা আৰু শিল্পগুণৰ বলত বিশ্বমঞ্চত প্ৰতিযোগিতাত নামি সফলতা লাভ কৰাৰ অসীম সম্ভাৱনা প্ৰতিফলিত হৈছে।

ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এতিয়া গ্ৰীচত লাভ কৰা সন্মানৰ ধাৰাবাহিকতাৰে “ছিমি”এ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহত নিজৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা অব্যাহত ৰাখিছে আৰু লগত কঢ়িয়াই লৈ ফুৰিছে অসমৰ কণ্ঠস্বৰ, কল্পনাশক্তি আৰু কাহিনী এটাক প্ৰক্ষেপ কৰাৰ কৌশল ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই চুটি ছবিখনে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি হিচাপে আৰু নিউয়ৰ্ক শ্বৰ্ট এনিমেছন ফেষ্টিভেলত শ্ৰেষ্ঠ চুটি ছবি হিচাপে সন্মান লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!
প্ৰযুক্তি

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

September 10, 2026
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
Next Post
বুকুৰ ধপধপনি বাঢ়িছে ছানী লিয়নীৰ! CID ৰ নজৰত কিয় আহিল মোহময়ী অভিনেত্ৰীগৰাকী?

বুকুৰ ধপধপনি বাঢ়িছে ছানী লিয়নীৰ! CID ৰ নজৰত কিয় আহিল মোহময়ী অভিনেত্ৰীগৰাকী?

বিশ্বজুৰি ডাউন META চাৰ্ভাৰ, হঠাৎ বন্ধ হৈ পৰে ফেচবুক আৰু ইনষ্টাগ্ৰাম

বিশ্বজুৰি ডাউন META চাৰ্ভাৰ, হঠাৎ বন্ধ হৈ পৰে ফেচবুক আৰু ইনষ্টাগ্ৰাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.