• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

3 weeks ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

17 minutes ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

52 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

1 hour ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

2 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

3 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

5 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

6 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

7 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

7 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

8 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

8 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

শ্বিলঙত ভয়াৱহ আক্ৰমণৰ বলি হোৱা চালকৰ শিহৰণকাৰী বৰ্ণনা

editor by editor
August 20, 2026
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি, লেখা
0
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’
0
SHARES
582
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বিলঙত অসমৰ পৰ্যটকৰ বাহনত আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। আজি পুৱাৰে পৰা অসম-মেঘালয় সীমান্তত চেপা উত্তেজনাই বিৰাজ কৰিছে। শ্বিলঙত অসমৰ পৰ্যটক আৰু চালকৰ বাহনত শিলগুটি, লাঠি, ৰড আদিৰে আক্ৰমণ কৰা দৃশ্যই সংবাদ মাধ্যমৰ শিৰোনাম দখলৰ পাছতে অসমৰ বিভিন্ন স্থানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ যোৰাবাটত অসমৰ কেব চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰি মেঘালয়ৰ ব্যক্তিগত, বাণিজ্যিক তথা চৰকাৰী বাহনো অসমত প্ৰৱেশ কৰিবলৈ বাধা দিয়া দেখা হৈছে।

বুধবাৰে বিয়লিৰ পৰা শ্বিলঙৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। খাচী ষ্টুডেণ্টছ ইউনিয়ন (KSU)ৰ প্ৰতিবাদকাৰীসকলে ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন দাবীৰে মেঘালয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। খাচী ষ্টুডেণ্টছ ইউনিয়নৰ সদস্যসকলে অগণতান্ত্ৰিকভাৱে প্ৰতিবাদৰ মাজতে ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰাৰ উপৰিও, সাধাৰণ নাগৰিক বিশেষকৈ অসমৰ নাগৰিক আৰু বাহনক টাৰ্গেট কৰি লোৱাও পৰিলক্ষিত হয়। KSUৰ সদস্যসকলৰ হাতত আনকি ৩-৪ বছৰীয়া শিশুও বাছি নগ’ল। ছাত্ৰ সংগঠনটোৰ আক্ৰমণত এটি প্ৰায় ৩-৪ বছৰীয়া অসমীয়া শিশুও গুৰুতৰভাৱে আহত হয়। কোনো ছাত্ৰ সংগঠনে হাতত চোকা অস্ত্ৰ লৈ এনে হিংসাত্মক প্ৰতিবাদৰ কাৰ্যসূচী সমগ্ৰ বিশ্বতে বিৰল।

ভুক্তভোগী চালকৰ শিহৰণকাৰী বৰ্ণনা

শ্বিলঙলৈ ফুৰিবলৈ যোৱা অসমৰ পৰ্যটকৰ বাহনক বাছি বাছি আক্ৰমণ কৰা ঘটনা অত্যন্ত চিন্তাজনক। ঘটনাৰ ভুক্তভোগী অসমৰ এজন চালকে ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰি কয় যে-‘প্ৰতিবাদকাৰীৰ হাতত লাঠি, ৰড আদি আছিল। বাহনৰ ভিতৰত মহিলা-শিশু পৰ্যটক থকাৰ পাছতো শিল-ৰডেৰে ভয়ংকৰ আক্ৰমণ কৰে। আমাৰ আগৰ আৰু পিছৰ দুয়োখন গাড়ী মেঘালয়ৰ আছিল। সেই দুয়োখন গাড়ীত তেওঁলোকে একো নকৰি কেৱল আমাৰ গাড়ীখন অসমৰ বাবেই আক্ৰমণ কৰে। গাড়ীখনৰ সন্মুখৰ বনেটত উঠি গচকি গচকি ক্ষতিগ্ৰস্ত কৰে। সমুখৰ আইনাত ৰডেৰে আক্ৰমণ কৰে। আইনাৰ টুকুৰাই ৪ বছৰীয়া শিশুক আঘাত কৰে। সকলোতকৈ দুখলগা আৰু দুৰ্ভাগ্যজনক কথাটো হৈছে এই ঘটনাৰ সময়ত আমাৰ ওচৰতে মেঘালয় আৰক্ষীৰ লোক আছিল কিন্তু তেওঁলোকে একো পদক্ষেপ হাতত নললে। আমাক আক্ৰমণ কৰা ছাত্ৰ সংগঠনটোৰ সদস্যসকলকো আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা বা কোনো পদক্ষেপ নললে।’ চালকজনৰ বৰ্ণনা অনুসৰি, প্ৰতিবাদকাৰীয়ে বাহনলৈ শিলগুটি দলিওৱাৰ লগতে ৰডেৰে গাড়ীৰ গ্লাছ ভাঙি দিয়ে। আনকি একাংশ প্ৰতিবাদকাৰীয়ে বাহনৰ ওপৰলৈ উঠি অসমৰ বাহনৰ ব্যাপক ক্ষতিসাধন কৰাৰ দৃশ্যও ইতিমধ্যে Asom Liveত সম্প্ৰচাৰিত হৈছে। খাছী ষ্টুডেণ্টছ ইউনিয়নৰ উন্মাদ সদস্যৰ আক্ৰমণত অসমৰ এটি শিশুকে ধৰি এজন পৰ্যটক আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে। অসমৰ পৰ্যটকৰ বাহন ভাঙি পেলোৱা ঘটনাক লৈ মেঘালয় চৰকাৰে ক্ষমা খোজাৰ দাবী উত্থাপিত হৈছে। ক্ষতিগ্ৰস্ত বাহনৰ উচিত ক্ষতিপূৰণ দিয়াৰ দাবীও জনোৱা হৈছে। অন্যথা পৰিস্থিতি অধিক বিষম কৰাৰ হুংকাৰ দিছে অসমৰ কেব চালকসকলে।

KSUৰ তিনি শীৰ্ষ নেতা গ্ৰেপ্তাৰ

এই হিংসাত্মক প্ৰতিবাদৰ পাছতে মেঘালয় আৰক্ষীয়ে KSUৰ তিনি শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা নেতাসকল হৈছে KSUৰ সভাপতি ৰেমন খাৰজানা, উপ-সভাপতি পিনকমেনলাং ছানমিয়েট আৰু সাধাৰণ সম্পাদক ৰুবেন নাজিয়াৰ। ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন, সাধাৰণ নাগৰিকক আক্ৰমণ আৰু অন্যান্য অভিযোগৰ ভিত্তিত তিনিওজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

শ্বিলঙৰ ঘটনাৰ পাছত যোৰাবাটত ক্ষোভ

শ্বিলঙত অসমৰ চালক আৰু পৰ্যটকৰ ওপৰত আক্ৰমণৰ অভিযোগৰ পাছত অসমত বিশেষকৈ খানাপাৰা আৰু যোৰাবাটত ক্ষোভৰ উদগীৰণ ঘটে। অসমৰ কেব চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত যোৰাবাটত বৃহৎ যান-জঁটৰ সৃষ্টি হয়। হাজাৰ হাজাৰ বাহন আৱদ্ধ হৈ পৰাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হয়। প্ৰতিবাদকাৰীসকলে অসমৰ চালক আৰু পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰক শীঘ্ৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। মেঘালয়ত অসমৰ বাহনৰ ওপৰত আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি একাংশ চালকে মেঘালয়ৰ বাহন অসমত প্ৰৱেশতো বাধা দিয়ে।

যোৰাবাটত পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে মেঘালয়ৰ চৰকাৰী বাহনকো অসমত প্ৰৱেশ কৰিবলৈ বাধা দিয়া দেখা হৈছে। পশ্চিম গাৰো পাহাৰ জিলাৰ এগৰাকী ASPৰ বাহনো প্ৰতিবাদকাৰীয়ে যোৰাবাটৰ পৰা উভতাই পঠোৱাৰ তথ্য প্ৰকাশ পাইছে। ML 08P 1424 নম্বৰৰ এখন বাহন অসমত প্ৰৱেশ কৰাত বাধা দিয়াৰ কথাও জানিব পৰা গৈছে। প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে যে-মেঘালয়ৰ ব্যক্তিগত বা বাণিজ্যিক বাহনৰ লগতে চৰকাৰী বাহনো বৰ্তমানৰ পৰিস্থিতিত অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। ইয়াৰ উপৰিও অসমৰ প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ সৈতে অৰ্থনৈতিক পথ অৱৰোধ কৰাৰ হুংকাৰো শুনিবলৈ পোৱা গৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ চলাচল বন্ধ কৰাৰ দৰে কঠোৰ পদক্ষেপৰ কথাও একাংশ প্ৰতিবাদকাৰীয়ে উল্লেখ কৰিছে। অসম ৰাজ্যিক চালক সন্থাৰ সভাপতিয়েও শ্বিলঙৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ চালক আৰু পৰ্যটকৰ সুৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Assam MeghalayaKSU
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক
জীৱনশৈলী

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

September 12, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা
বাণিজ্য

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

September 12, 2026
Next Post
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.