কংগ্ৰেছ দলৰ অনুষ্ঠানত ‘বন্দে মাতৰম’ৰ কেৱল প্ৰথম দুটা পদ গোৱাৰ সিদ্ধান্তক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কংগ্ৰেছক ভোট বেংকৰ ৰাজনীতিৰ বাবে ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি অপমানজনক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কংগ্ৰেছক ‘আধুনিক যুগৰ মুছলিম লীগ’ বুলিও কটাক্ষ কৰে। নবীনে কয় যে কংগ্ৰেছে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে দেশৰ স্বাভিমানকো বন্ধকত থ’বলৈ কুণ্ঠাবোধ নকৰে।
দৰাচলতে, বুধবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটী (CWC)ৰ বৈঠকত দলীয় অনুষ্ঠানত ‘বন্দে মাতৰম’ৰ প্ৰথম দুটা পদ গোৱাৰ পৰম্পৰা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তৰ পাছতেই বিজেপিৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পায়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সামাজিক মাধ্যম Xত এটা পোষ্ট কৰি কংগ্ৰেছক সমালোচনা কৰে।

তেওঁ কয় যে কংগ্ৰেছে এতিয়া ‘অপমান’কেই নিজৰ নীতি হিচাপে গ্ৰহণ কৰিছে। তেওঁৰ অভিযোগ অনুসৰি, কংগ্ৰেছৰ কাৰ্যকৰী সমিতিয়ে সিদ্ধান্ত লৈছে যে দলীয় মঞ্চত ‘বন্দে মাতৰম’ৰ কেৱল প্ৰথম দুটা পদহে গোৱা হ’ব।
আনহাতে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে CWCৰ বৈঠকৰ পাছত দলটোৰ স্থিতি স্পষ্ট কৰে। তেওঁ কয় যে ‘বন্দে মাতৰম’ সন্দৰ্ভত কংগ্ৰেছৰ স্থিতি নতুন নহয়। দলটোৱে ১৯৩৭ চনত CWCয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰণ কৰি আহিছে। ভেনুগোপালৰ মতে, কংগ্ৰেছৰ দলীয় অনুষ্ঠানত ‘বন্দে মাতৰম’ৰ প্ৰথম দুটা স্তৱকহে গোৱা হ’ব। এই সিদ্ধান্ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল আৰু সুভাষ চন্দ্ৰ বসুৰ দৰে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ সময়তে গ্ৰহণ কৰা হৈছিল বুলি তেওঁ দাবী কৰে।
কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে ‘বন্দে মাতৰম’ আৰু জাতীয় সংগীত দলটোৰ বাবে অত্যন্ত আৱেগিক বিষয়। কিন্তু বিজেপিয়ে এই বিষয়সমূহক ৰাজনৈতিক বিষয় হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি তেওঁ অভিযোগ কৰে। সেয়েহে, ‘বন্দে মাতৰম’ৰ কিমান অংশ গোৱা হ’ব সেই সিদ্ধান্তক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপিৰ মাজত পুনৰ ৰাজনৈতিক বাক-বিতণ্ডা আৰম্ভ হৈছে। বিজেপিয়ে কংগ্ৰেছৰ সিদ্ধান্তক ৰাষ্ট্ৰীয় ভাবধাৰাৰ প্ৰতি অসন্মান বুলি আখ্যা দিয়াৰ বিপৰীতে কংগ্ৰেছে এয়া ঐতিহাসিক সিদ্ধান্ত আৰু দলীয় পৰম্পৰা অনুসৰণ কৰাৰ বিষয় বুলি স্পষ্ট কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















