• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !

সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !

2 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

2 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

3 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

5 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

7 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

9 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

10 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !

editor by editor
October 4, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !
0
SHARES
688
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !

কেন্দ্ৰীয় কেবিনেটে ৩ অক্টোবৰ বৃহস্পতিবাৰে এক ঐতিহাসিক ঘোষণা কৰে। অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃতক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ অনুমোদন প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

২০০৪ চনৰ ১২ অক্টোবৰত তামিল ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰাৰ সময়ত প্ৰথমবাৰৰ বাবে ধ্ৰুপদী ভাষাৰ শ্ৰেণীটো সৃষ্টি কৰা হৈছিল। পৰৱৰ্তী সময়ত সংস্কৃত, তেলেগু, কানাড়া, মালয়ালম আৰু ওড়িয়া ভাষা এই তালিকাত সংযোজন কৰা হৈছিল। X হেণ্ডেলত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমাৰ চৰকাৰে ভাৰতৰ চহকী ইতিহাস আৰু সংস্কৃতিক লালন-পালন কৰে আৰু উদযাপন কৰে।”

‘আঞ্চলিক ভাষাসমূহ জনপ্ৰিয় কৰি তোলাৰ প্ৰতিও আমি অটল দায়বদ্ধতা আগবঢ়াই আহিছো। অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃতক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীসভাই সিদ্ধান্ত লোৱাত মই অত্যন্ত আনন্দিত।’

চৰকাৰৰ এক বিবৃতিত ভাৰতৰ গভীৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত ধ্ৰুপদী ভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়, লক্ষ্য কৰা হয় যে ইয়াত প্ৰতিটো সম্প্ৰদায়ৰ ঐতিহাসিক আৰু সাংস্কৃতিক কৃতিত্বৰ সাৰমৰ্ম সন্নিবিষ্ট কৰা হৈছে।

এই সিদ্ধান্তক আদৰণি জনাইছে কেইবাজনো ৰাজনীতিবিদে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনৱীছ আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই পদক্ষেপক প্ৰশংসা কৰে।

এই ভাল খবৰটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে লিখিছে, ‘‘প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ! শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ আজিৰ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষা (Classical Language)ৰ মৰ্যাদা প্ৰদানত অনুমোদন।’’

প্ৰধানমন্ত্ৰী মোডীয়ে লিখে- কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন পোৱাৰ পিছত অসমীয়াই এতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত মই অতিশয় আনন্দিত হৈছোঁ। অসমীয়া সংস্কৃতিয়ে যুগ যুগ ধৰি উজ্বলি উঠিছে আৰু আমাক এক চহকী সাহিত্যিক পৰম্পৰা প্ৰদান কৰিছে। আগন্তুক সময়ত এই ভাষা আৰু অধিক জনপ্ৰিয় হৈ পৰক। সকলোকে মই অভিনন্দন জনালোঁ।

অমিত শ্বাহেও লিখে- সাহিত্যৰ এক স্পন্দনশীল কাঠামো আৰু অফুৰন্ত শব্দৰ ভঁৰালেৰে সমৃদ্ধ অসমীয়া ভাষা ইয়াৰ স্থিতিস্থাপকতাৰ বাবে বিখ্যাত। আজি অসমীয়া ভাষাটিক ধ্রুপদী ভাষা হিচাপে সন্মান জনোৱাৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সিদ্ধান্তত আমাৰ অসমীয়া ভাতৃ-ভগ্নীসকললৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ।

কেন্দ্ৰই অসমীয়াক এই মৰ্যাদা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী মোডীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেখেতে লিখে- নৱৰাত্ৰিৰ প্ৰতিপদ তিথিৰ এই মাংগলিক দিনটোত ‘অসমীয়া ভাষা’টোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে আপোনাৰ লগতে কেন্দ্ৰীয় কেবিনেটলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ এই বিৰল স্বীকৃতিয়ে প্ৰতিগৰাকী অসমীয়াক ধন্য কৰিছে৷ অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে আপুনি কোৱা এই কথাখিনিয়ে আমাক সমৃদ্ধ কৰিলে৷

ধ্ৰুপদী ভাষা কি-
২০০৪ চনত ভাৰত চৰকাৰে ঘোষণা কৰে যে কিছুমান কঠোৰ মানদণ্ড পূৰণ কৰা ভাষাসমূহক ভাৰতৰ “ধ্ৰুপদী ভাষা” হিচাপে স্বীকৃতি দিয়া হ’ব। ইয়াক সাংস্কৃতিক মন্ত্ৰালয়ে ভাষা বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। এই সমিতিখন ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিল যাতে পৰম্পৰাগত ভাষাসমূহক শ্ৰেণীবিভাজনৰ দাবীসমূহ বিবেচনা কৰিব পৰা যায়। “উচ্চ মানদণ্ডৰ লিখনি তথা প্ৰামাণিক ইতিহাস, যি অতি কমেও ১৫০০ ৰ পৰা ২০০০ বছৰ পুৰণি; প্ৰাচীন সাহিত্য তথা লিখনিৰ সমল যাক বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে; লিখন সাহিত্যৰ ইতিহাস, যি সম্পুৰ্ণ নিজা আৰু কাৰোপৰা ধাৰ কৰা বা আমদানি কৰা নহয়; প্ৰাচীন ৰূপটো আৰু সাহিত্যখিনি বৰ্তমানৰ আধুনিক ৰূপতকৈ বেলেগ/পৃথক, তাৰোপৰি সম্ভৱতঃ ইয়াৰ প্ৰাচীন ৰূপটো আৰু ইয়াৰ বৰ্তমানৰ আধুনিক ৰূপ তথা অপভ্ৰংশ/উপভাষা আদিৰ মাজত ধাৰাবাহিকতাৰ বিচ্ছিন্নতা।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassameseassamese languagedhrupadi language
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
Next Post
দৈনিক ৰাশিফল- দেৱীপক্ষ আৰম্ভ, সৌভাগ্যভৰা হ’ব ৭ ৰাশিৰ জীৱন

দৈনিক ৰাশিফল- দেৱীপক্ষ আৰম্ভ, সৌভাগ্যভৰা হ'ব ৭ ৰাশিৰ জীৱন

হিজবুল্লাহৰ নতুন মুৰব্বীকো নিধন, হাছান নছৰল্লাহৰ নিহতৰ পাছত মাথো কেইদিনমান পূৰ্বে নেতা হৈছিল ছাইফুদ্দিন

হিজবুল্লাহৰ নতুন মুৰব্বীকো নিধন, হাছান নছৰল্লাহৰ নিহতৰ পাছত মাথো কেইদিনমান পূৰ্বে নেতা হৈছিল ছাইফুদ্দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.