উপ-নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ, ১৩ আসনৰ মাত্ৰ ২ বিজেপিৰ হাতত
আজি ১৩ জুলাই তাৰিখে সদৰি কৰা হয় বিধানসভা উপ-নিৰ্বাচনৰ ফলাফল। ফলাফল ঘোষণাৰ লগে লগে স্পষ্ট হৈ পৰে এখন ছবি। বিজেপিৰ মোহ ভংগ জনসাধাৰণৰ মাজত। যাৰ ফলত এই উপ-নিৰ্বাচনৰ ১৩ আসনৰ কেৱল মাত্ৰ ২ আসন হে লাভ কৰে বিজেপিয়ে। ইয়াৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটে লাভ কৰে ১০ আসন। বিহাৰত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে।
দেশৰ ৭খন ৰাজ্যৰ ১৩খন আসনত অনুষ্ঠিত হোৱা বিধানসভাৰ উপ-নিৰ্বাচনৰ চূড়ান্ত ফলাফল শনিবাৰে ভোটগণনাৰ অন্তত ঘোষণা কৰা হৈছে।
উত্তৰাখণ্ডৰ মংগলোৰ আৰু বদ্ৰীনাথ আসনত অনুষ্ঠিত বিধানসভাৰ উপ-নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হৈছে শাসকীয় বিজেপি। কংগ্ৰেছে দুয়োখন আসনত জয়লাভ কৰিছে। বিগত চাৰিটা পৰ্যায়ত বিচলিত হোৱাৰ সম্ভাৱনাৰ মাজতে কংগ্ৰেছৰ কাজী নিজামুদ্দিনে মংগলোৰ বিধানসভাৰ আসনত জয়লাভ কৰে। কাজীয়ে ৪২২টা ভোটত জয়লাভ কৰিছে। কংগ্ৰেছৰ কাজী নিজামুদ্দিনে মুঠ ৩১,৭২৭টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ কৰতাৰ সিং ভদনাই ৩১,৩০৫টা ভোট লাভ কৰে।
বদ্ৰীনাথ বিধানসভাৰ আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী লখপট বুটোলাই বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ ভাণ্ডাৰীক ৫,২২৪ টা ভোটত পৰাস্ত কৰে। লখপট বুটোলাই ২৮,১৬১টা আৰু বিজেপিৰ ৰাজেন্দ্ৰ ভাণ্ডাৰীয়ে ২২,৯৩৭টা ভোট লাভ কৰে।
পঞ্জাৱৰ শাসকীয় আম আদমি পাৰ্টিৰ মহিন্দৰ ভগতে জলন্ধৰ পশ্চিম আসনৰ পৰা তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা বিজেপি প্ৰাৰ্থী শীতল আংগুৰালক ৩৭,৩২৫ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। মাৰ্চ মাহত আংগুৰালে আপৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে আসনখন খালী হৈ পৰিছিল।
তামিলনাডুত বিক্ৰৱন্দী বিধানসভাৰ আসনত দ্ৰাবিদা মুনেত্ৰ কাজাগমৰ (ডি এম কে)ৰ আন্বিউৰ শিৱই পট্টলি মক্কল কট্চীৰ আনবুমণি চি (পি এম কে)ক ৬৭,৭৫৭ ভোটত পৰাস্ত কৰে। ইয়াত এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।
তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কৃষ্ণ কল্যানী, মধুপৰ্ণ ঠাকুৰ, মুকুট মণি অধিকাৰীয়ে ক্ৰমে ৰায়গঞ্জ, বাগদহ, ৰানাঘাট দক্ষিণৰ আসনত জয়লাভ কৰাৰ বিপৰীতে মণিকতলাৰ আসনৰ পৰা সুপ্তী পাণ্ডে জয়লাভ কৰে। বিজেপিৰ প্ৰাৰ্থীক ৬০ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিলে সুপ্তী পাণ্ডে। উত্তৰ দিনাজপুৰ জিলাৰ ৰায়গাঞ্জত কল্যানীয়ে ৫০,০৭৭ ভোটৰ ব্যৱধানত নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ মানস কুমাৰ ঘোষক পৰাস্ত কৰে।
উত্তৰ ২৪ পাৰাগনা জিলাৰ বাগদাহ বিধানসভাৰ আসনৰ পৰা বিজেপিৰ প্ৰতিদ্বন্দ্বী বিনয় কুমাৰ বিশ্বাসক ৩৩,৪৫৫ ভোটৰ ব্যৱধানত পৰাস্ত কৰে তৃণমূল কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য তথা মতুৱা নেত্ৰী মমতাবালা ঠাকুৰৰ কন্যা মধুপৰ্ণা ঠাকুৰে। মধুপৰ্ণ ঠাকুৰে ১,০৭,৭০৬টা ভোট লাভ কৰাৰ বিপৰীতে বিশ্বাসে ৭৪,২৫১টা ভোট লাভ কৰে।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৰ পত্নী তথা কংগ্ৰেছ প্ৰাৰ্থী কমলেশ ঠাকুৰে ডেহৰা বিধানসভা আসনৰ পৰা বিজেপিৰ হোছিয়াৰ সিঙক ৯৩৯৯ টা ভোটত পৰাস্ত কৰে। নালাগড়ত কংগ্ৰেছৰ হৰদীপ সিং বাৱাই বিজেপিৰ কে এল ঠাকুৰক ২৫,৬১৮ ভোটত পৰাস্ত কৰে।
হিমাচলৰ হামিৰপুৰৰ আসনত বিজেপিয়ে জয়লাভ কৰিছে। বিজেপিৰ প্ৰাৰ্থী আশীষ শৰ্মাই ২৭,০৪১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ পুছপিন্দৰ বাৰ্মাই ২৫,৪৭০ টা ভোট লাভ কৰে। কংগ্ৰেছ প্ৰাৰ্থীক ১৫৭১টা ভোটত পৰাস্ত কৰে আশীষ শৰ্মাই।
একে সময়তে মধ্যপ্ৰদেশৰ অমৰৱাড়া আসনত বিজেপিৰ কমলেশ প্ৰতাপ শ্বাহীয়ে কংগ্ৰেছৰ ধীৰন শ্বাহ ইনৱতীক ৩০২৭ ভোটত পৰাস্ত কৰিছে। এই আসন পূৰ্বে কংগ্ৰেছৰ দখলত আছিল। কমলেশ প্ৰতাপ শ্বাহীয়ে কংগ্ৰেছৰ টিকটত জয়ী হৈছিল যদিও পিছত পদত্যাগ কৰি বিজেপিত যোগদান কৰে। ইয়াত ৰাইজে পুনৰ কমলেশ প্ৰতাপ শ্বাহীৰ ওপৰতে আস্থা প্ৰকাশ কৰিছে।
বিহাৰৰ ৰূপাউলী বিধানসভা আসনত ভাৰতীয় মিত্ৰজোঁট আৰু এন ডি এ দুয়োটা দলে পৰাজয়ৰ সন্মুখীন হৈছে। জেডিইউৰ কালাধৰ প্ৰসাদ মণ্ডলক ৮২৪৬টা ভোটত পৰাস্ত কৰিছে নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিঙে। আৰজেডিৰ প্ৰাৰ্থী বিমা ভাৰতীয়ে ৩০৬১৯টা ভোট লাভ কৰি তৃতীয় স্থান লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ