ডিচেম্বৰত মেষ-সিংহ সহ ৪ ৰাশিৰ কেৰিয়াৰত উন্নতি, ব্যৱসায়তো বাম্পাৰ লাভ
ডিচেম্বৰ মাহ আৰম্ভ হ’বলৈ মাজত আৰু মাথো কেইটামান দিন। এই মাহটো সকলো ৰাশিৰ বাবে অতি বিশেষ হ’ব। পাঞ্চাঙৰ তথ্য অনুসৰি বছৰৰ শেষৰ মাহত বহু বহু গ্ৰহ ট্ৰেনজিট হ’বলৈ গৈ আছে, যাৰ প্ৰভাৱ সকলো ৰাশিৰ জীৱনত পৰিব।
জ্যোতিষৰ হিচাপ অনুসৰি ২ ডিচেম্বৰত নিশা ১২:০৫ বজাত শুক্ৰই মকৰ ৰাশিত প্ৰৱেশ কৰিব। মংগল গ্ৰহও কৰ্কট ৰাশিত ৰেট্ৰ’গ্ৰেড হৈ পৰিব। কেৱল এয়াই নহয় ২০২৪ চনৰ ১৫ ডিচেম্বৰত সূৰ্য্য ধনু ৰাশিত প্ৰৱেশ কৰিব। সামগ্ৰিকভাৱে এই মাহটো গ্ৰহৰ ট্ৰেনজিটৰ দ্বাৰা ভৰি আছে, যাৰ প্ৰভাৱ ২০২৫ চনৰ নৱবৰ্ষলৈকে থাকিব।
এই সময়ছোৱাত ডিচেম্বৰ মাহটো কিছুমান ৰাশিৰ বাবে অতিকে ভাল বুলি প্ৰমাণিত হ’ব পাৰে। পাঁচ ৰাশিৰ বাবে বিশেষ এই মাহ, সন্মান লাভ কৰাৰ লগতে কেৰিয়াৰ, ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত ভাল লাভ কৰিব।
মেষ ৰাশি
ডিচেম্বৰ মাহটো মেষ ৰাশিৰ লোকৰ বাবে অতি বিশেষ হ’বলৈ গৈ আছে। আপোনাৰ সকলো বাকী থকা কাম সম্পূৰ্ণ হ’ব, যাৰ বাবে লাভ অৰ্জন কৰা সম্ভৱ। এই সময়ছোৱাত আপুনিও সন্মান লাভ কৰিব। চাকৰি বিচৰা মানুহে ভাল খবৰ পাব পাৰে। তীৰ্থযাত্ৰাৰ সম্ভাৱনা থাকিব।
সিংহ ৰাশি
২০২৪ চনৰ ডিচেম্বৰ মাহ সিংহ ৰাশিৰ লোকৰ বাবে উপকাৰী। নতুন চাকৰি এটা পাব পাৰে, যাৰ ফলত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। এই মাহত আপোনাৰ কামৰ শলাগ ল’ব মানুহে। এই সময়ছোৱাত আপুনি এটা পদো পাব পাৰে। ডিচেম্বৰ মাহত আপোনাৰ পৰিয়ালত নতুন সদস্য আহিব। ব্যৱসায় কৰা লোকৰ বাবে এই সময় আৰু অধিক বিশেষ। সকলো আঁচনিৰ পৰা সুবিধা লাভ কৰিব পাৰিব।
কন্যা ৰাশি
২০২৪ চনৰ শেষ মাহটো আপোনাৰ বাবে ভাল বুলি বিবেচিত হৈছে। আদালত সম্পৰ্কীয় বিষয়সমূহ আপোনাৰ পক্ষত হ’ব। বছৰৰ শেষত আপুনি আপোনাৰ কষ্টৰ সম্পূৰ্ণ ফল পাব। অগ্ৰগতিৰ সম্ভাৱনা থাকিব। বিবাহিত জীৱনতো সুখী হ’ব।
তুলা ৰাশি
এই সময় আপোনাৰ বাবে ভাগ্য ভাল হ’ব। সকলো কাম সম্পূৰ্ণ হোৱা দেখা যাব। এই মাহত বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ বাবেও নতুন সম্পৰ্কৰ সৃষ্টি কৰিব। ব্যৱসায়ত লাভ পোৱা সম্ভৱ। অবিবাহিত লোকৰ জীৱনত এজন নতুন সদস্য আহিব, যিটো নতুন বছৰত আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব।
মীন ৰাশি
ডিচেম্বৰ মাহে আপোনাক আকাংক্ষিত সফলতা কঢ়িয়াই আনিব পাৰে। বহিঃৰাজ্যৰ পৰা ব্যৱসায় কৰা লোকসকলে লাভ কৰিব বিপুল আৰ্থিক সুবিধা। এই সময়ছোৱাত আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব, যাৰ ফলত কৰ্মক্ষেত্ৰত চলি থকা সমস্যাৰ অন্ত পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ