খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাহিৰেও মানুহৰ কিছু প্ৰয়োজন থাকে৷ কোনোৱে সেই প্ৰয়োজনক নাম দিয়ে বিলাসিতা৷ কোনোৱে আকৌ ভাৱে যে বয়স বাঢ়িলে সুৰক্ষিত জীৱন যাতে কটাব পাৰে৷ মানুহে তাৰবাবেই দিনে নিশাই পৰিশ্ৰম কৰি সম্পদ সঞ্চয় কৰে৷ বহু সময়ত চেষ্টা কৰিও সেই ইচ্ছা অপূৰ্ণই থাকি যায়৷ জ্যোতিষশাস্ত্ৰই কৈছে যে, কিছু নিয়ম মানি চলিলে সেই সমস্যাৰ সমাধান হব পাৰে৷
উত্তৰ পূৰ্ব কোণ সদায়ে পৰিষ্কাৰ কৰি ৰাখক
জ্যোতিষশাস্ত্ৰ অনুসৰি ঘৰৰ উত্তৰ পূৰ্ব কোণক অত্যন্ত পবিত্ৰ স্থান হিচাপে বিবেচনা কৰা হয়৷ তাতেই পূজা ঘৰ তৈয়াৰ কৰাৰো পৰামৰ্শ দিয়া হয়৷ পূজা ঘৰ নহলেও ভুলেও উত্তৰ পূৰ্ব কোণত লেতেৰা জমাই নাৰাখিব৷ তেনেকৈ ৰাখিলে ঘৰত শান্তি, সুখ, আৰু সমৃদ্ধি বৰ্তি থাকিব৷
ঘৰত কাইট গছ নলগাব
জ্যোতিষশাস্ত্ৰ অনুসৰি ঘৰৰ ভিতৰত কেতিয়াও কাইটযুক্ত বা বিষাক্ত গছ লগোৱা উচিত নহয়৷ বিশ্বাস কৰা হয় যে এই ধৰণৰ গছে পৰিয়ালৰ স্বাস্থ্য আৰু সম্পদৰ বাবে শুভ নহয়৷
বাথৰুমৰ দুৱাৰ সকলো সময়তে বন্ধ ৰাখক
বাস্তু অনুসৰি ভুল কৰিও বাথৰুমৰ দুৱাৰ খুলি ৰখা উচিত নহয়৷ ই কেৱল আপোনাৰ স্বাস্থ্যৰ ওপৰতেই নহয়, আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়৷ সেয়ে ব্যৱহাৰৰ পাছত দুৱাৰ বন্ধ ৰাখক৷
ঝাড়ু সন্মুখভাগত নাৰাখিব
জ্যোতিষশাস্ত্ৰ অনুসৰি ঝাড়ুৰ বিশেষ গুৰুত্ব আছে৷ সেয়ে সেই য’তে ত’তে ঝাড়ু পেলাই ৰখা উচিত নহয়৷ ঝাড়ু সদায়ে চুকত ৰাখক৷ ভুলতো ধন সম্পদ বা পূজাৰ স্থানৰ কাষত ঝাড়ু নাৰাখিব৷
নিমখেৰে প্ৰতিকাৰ কৰক
বহু চেষ্টাৰ অন্ততো আৰ্থিক সমস্যা দূৰ নহলে আন এক প্ৰতিকাৰ কৰিব পাৰে৷ ঘৰৰ উত্তৰ পূৰ্ব কোণত নিমখ ভৰ্তি পাত্ৰ ৰাখক৷ এই প্ৰতিকাৰৰ উপকাৰী প্ৰভাৱ স্থায়ী কৰিবলৈ নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিমখ পৰিবৰ্তন কৰক৷ ইয়াৰ ফলত অশুভ শক্তি দূৰৈত থাকিব৷ শুভ শক্তিৰ প্ৰবাহ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















