পান কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি৷ আয়কৰ সম্পৰ্কিত কাম, বেংকৰ লেনদেন আৰু অন্যান্য কামত পান ব্যৱহাৰ কৰা হয়৷ বহুতেই পান কাৰ্ডক তেনেই সাধাৰণ নথি বুলি ভাৱে৷ কিন্তু যদি পানকাৰ্ডত কোনো ব্যক্তিৰ ব্যক্তিগত তথ্য ভুল থাকে তেন্তে বৃহৎ ক্ষতিৰ আশংকা থাকে৷ আয়কৰ বিভাগত পানকাৰ্ডৰ মাধ্যমেৰে ভাৰতীয় কোনো নাগৰিকৰ আয় আৰু আৰ্থিক লেনদেনৰ ওপৰত নজৰ ৰাখিব পাৰে৷ পানকাৰ্ড সম্পৰ্কিত সতৰ্কতাসমূহ বুজাটো গুৰুত্বপূৰ্ণ৷
১. পান কাৰ্ড হেৰাইছে যদি অবিলম্বে এই কাম কৰক
যদি আপোনাৰ পান কাৰ্ড চুৰি হৈ যায় বা হেৰাই যায় তেতিয়া তাক কেতিয়াও সাধাৰণ হিচাপে নল’ব৷ বহু সময়ত প্ৰতাৰকসকলে অবৈধ আৰ্থিক লেনদেন চুৰি কৰা পানকাৰ্ড ব্যৱহাৰ কৰিয়েই কৰে৷ এই ক্ষেত্ৰত প্ৰকৃত পানধাৰীয়ে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ যদি আপোনাৰ পানকাৰ্ড চুৰি হৈছে তেন্তে অবিলম্বে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰক৷ ইয়াৰোপৰি আয়কৰ বিভাগ আৰু সংশ্লিষ্ট বেংকক সেই তথ্য জনাওক৷
২.একাধিক পানকাৰ্ড থকাটো অবৈধ
বহুতে ভুল কৰে বা ইচ্ছাকৃতভাৱে একাধিক পানকাৰ্ড তৈয়াৰ কৰে৷ এয়া আইনমতে অপৰাধ৷ আয়কৰ বিভাগে এই ধৰণৰ ক্ষেত্ৰত জৰিমনা আৰোপ কৰিব পাৰে৷ জৰিমনাৰ সৰ্বাধিক অংক ১০ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে৷ যদি কোনো ব্যক্তিৰ দুখন পানকাৰ্ড থাকে তেন্তে অবিলম্বে এখন কাৰ্ড আয়কৰ বিভাগক ঘূৰাই দিয়ক৷ যদি তেনে নকৰে তেন্তে আপুনি আইনী সমস্যাৰ সন্মুখীন হ’ব৷
৩. ভুল পান নম্বৰ দিয়াৰ বাবেও হ’ব পাৰে জৰিমনা
কোনো আৰ্থিক লেনদেন বা আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত বা পান নম্বৰ পূৰণ কৰাৰ সময়ত সময়ত সতৰ্কতা অৱলম্বন কৰা উচিত৷ যদি ভুল কৰি ভুল পান নম্বৰ নথিভুক্ত কৰা হয় তেন্তে আয়কৰ বিভাগে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা আৰোপ কৰিব পাৰে৷ আই টি আৰ দাখিল কৰাৰ পূৰ্বে পান নম্বৰটো দুবাৰ পৰীক্ষা কৰি লওক৷ যাতে যিকোনো ধৰণৰ ভুল থাকি নাযায়৷
৪. পান কাৰ্ডৰ ভুল তথ্য ক্ষতিকৰ হ’ব পাৰে
যদি আপোনাৰ পান কাৰ্ডৰ নাম, জন্ম তাৰিখ বা অন্যান্য তথ্য ভুল থাকে তেন্তে যিমান পাৰে সোনকালে সংশোধন কৰা প্ৰয়োজন৷ যদি তথ্য ভুল হয় তেন্তে বেংকে আপোনাৰ একাউণ্ট বাজেয়াপ্ত কৰিব পাৰে৷ বহু সময়ত এই ভুলৰ কাৰণে ঋণ লোৱা বা ডাঙৰ লেনদেন কৰাত সমস্যা আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ